মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিশ্বনাথত সংঘটিত বিদ্যুৎস্পৃষ্ট ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

বিশ্বনাথত সংঘটিত বিদ্যুৎস্পৃষ্ট ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

News18-Assam
Updated:June 26, 2019, 10:35 PM IST
বিশ্বনাথত সংঘটিত বিদ্যুৎস্পৃষ্ট ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ
News18 ৰ জনপ্ৰিয় অনুষ্ঠান ‘দিনটোৰ শিৰোণাম’ ৰ প্ৰতিক্ৰিয়া

News18 ৰ জনপ্ৰিয় অনুষ্ঠান ‘দিনটোৰ শিৰোণাম’ ৰ প্ৰতিক্ৰিয়া

  • Share this:
বুধবাৰে বিশ্বনাথত বিদ্যুৎস্পৃষ্ট হৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এগৰাকী কৰ্মচাৰীৰ মৃত্যু হোৱা দুৰ্ভাগ্যজনক ঘটনাটোত মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে ঘটনাটো সন্দৰ্ভত ইতিমধ্যে উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু কামত গাফিলতি কৰা লিমিটেডৰ দুগৰাকী কৰ্মচাৰীক তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ নিলম্বন কৰা হৈছে।

ঘটনাটোত নিহত কৰ্মচাৰীগৰাকীৰ পৰিয়াললৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ইতিমধ্যে ২.৫০ লাখ টকা আগবঢ়াইছে। তদুপৰি, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাও ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে।
First published: June 26, 2019, 10:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি