মুখ্যপৃষ্ঠা »খবৰ »অসম »New Bridge to Connect Majuli : লখিমপুৰৰ লগত মাজুলীক সংযোগ কৰিবলৈ এখন নতুন দলং

New Bridge to Connect Majuli : লখিমপুৰৰ লগত মাজুলীক সংযোগ কৰিবলৈ এখন নতুন দলং

অহা মাহৰ পৰা মিছন বসুন্ধৰা ২ৰ কাম আৰম্ভ হ'ব

অহা মাহৰ পৰা মিছন বসুন্ধৰা ২ৰ কাম আৰম্ভ হ'ব

অহা মাহৰ পৰা মিছন বসুন্ধৰা ২ৰ কাম আৰম্ভ হ'ব

  • Share this:
আজি ৰাজ্যিক বিজেপিৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠান উপলক্ষে অনুষ্ঠিত দলীয় কাৰ্যকৰ্তা সন্মিলনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা মাহৰ পৰা মিছন বসুন্ধৰা ২ৰ কাম আৰম্ভ হ'ব বুলি জানিবলৈ দিয়াৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা প্ৰমুখ্যে বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতা উপস্থিত থকা কাৰ্যকৰ্তা সন্মিলনত লখিমপুৰৰ লগত মাজুলীক সংযোগ কৰিবলৈ এখন নতুন দলঙৰ কামৰ শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

তেওঁ লগতে কয় যে জামুগুৰিৰ পৰা কলিয়াবৰলৈ ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণ কৰা হ'ব। কাজিৰঙাৰ তলেৰে এলিভেটেড কৰিড'ৰ নিৰ্মাণ কৰাৰ উপৰি জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ ধন ১২৫০ টকালৈ বৃদ্ধি কৰা হ'ব বুলি উল্লেখ কৰে। ইয়াৰ লগতে ৭ লাখ লোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব।

মুখ্যমন্ত্ৰীয়ে ৬–৭ মাহৰ ভিতৰত ১ লাখ নিযুক্তি সম্পূৰ্ণ হোৱাৰ বিষয়ে জানিবলৈ দি লোকসভা নিৰ্বানচত ১২খন আসনতে বিজেপিয়ে জয়লাভ কৰিব বুলি সদৰী কৰে। তেওঁ
৫ হাজাৰ কোটি টকা খৰচ কৰি যুৱক–যুৱতীক আত্মসংস্থাপনৰ বাবে কৰা পৰিকল্পনাৰ কথা ব্যক্ত কৰি ৬ মাহৰ ভিতৰত ৫০লাখ লোকক ৰেচন কাৰ্ড আৰু বিনামূলীয়া চাউল দিব বুলি ভাষণত প্ৰকাশ কৰে।

শেহতীয়া বাতৰি