''অমৃত মহোৎসৱৰ এই অমৃত কালৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকল অমৃত সন্তান। দেশ আৰু বিশ্বজয় কৰিব লাগিব আজিৰ প্ৰজন্মই।'' -আজি খানাপাৰাৰ অসম পশু চিকিত্সা মহাবিদ্যালয় খেলপথাৰত প্ৰজ্ঞান ভাৰতী আঁচনিৰ (Pragyan Bharti Scheme) অধীনত মেধাৱী শিক্ষাৰ্থীক স্কুটী বিতৰণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ভাষ্য আগবঢ়ায়।
মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma) লগতে স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত উল্লেখ কৰা '৫ প্ৰাণ'ক স্মৰণ কৰিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনাই কয়- ''নতুন দিনৰ প্ৰযুক্তিৰ চিন্তাৰে আমি আগবাঢ়িব নোৱাৰিলে কাৰো লগত ফেৰ মাৰিব নোৱাৰিম। এয়া ব্যৱহাৰ কৰি নতুন দিনৰ নতুন পৃথিৱীৰ বাবে কাম কৰিব লাগে ছাত্ৰ-ছাত্ৰীসকলে।''
মুখ্যমন্ত্ৰীয়ে আজি ড০ বাণীকান্ত কাকতি বঁটা ৰূপে প্ৰদান কৰা স্কুটী পোৱা ৩৫,৮০০ ছাত্ৰ-ছাত্ৰীক আটাইতকৈ মেধাসম্পন্ন বুলি উল্লেখ কৰি মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে তৃতীয়-চতুৰ্থ বিভাগৰ চাকৰিৰ অপেক্ষাত থকাৰ পৰিৱৰ্তে নিজৰ মেধাক এক দিশ দিয়াৰ আহ্বান জনায়।
ইয়াৰ লগতে আজিৰ অনুষ্ঠানতে স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰীক ১০০০কৈ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে। এইক্ষেত্ৰত দুমাহ শিক্ষানুষ্ঠান বন্ধ থকা বাবে ১০ মাহত দহ হাজাৰ টকা প্ৰদান কৰিব। সকলো ছাত্ৰীকে এই সুবিধা লাভৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাই তেওঁ এই সম্পৰ্কত শীঘ্ৰে এটা নতুন প'ৰ্টেল প্ৰস্তুত কৰাৰ বিষয়ে জনায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|