মুখ্যপৃষ্ঠা »খবৰ »অসম »কংগ্ৰেছত মুখ্যমন্ত্ৰী আৰু BJPৰ এজেণ্ট কোন আছে? AIUDFৰ বিধায়ক জাকিৰে দিলে BJPৰ এজেণ্টৰ তথ্য

কংগ্ৰেছত মুখ্যমন্ত্ৰী আৰু BJPৰ এজেণ্ট কোন আছে? AIUDFৰ বিধায়ক জাকিৰে দিলে BJPৰ এজেণ্টৰ তথ্য

''বিধায়ক কিনা-বেচা কৰাসকলো দালাল ৷ বিধায়ক কিনা-বেচা কৰাকো আঁঠুৰ তলত গুলীয়াব লাগে ৷”- ভূপেন বৰা

''বিধায়ক কিনা-বেচা কৰাসকলো দালাল ৷ বিধায়ক কিনা-বেচা কৰাকো আঁঠুৰ তলত গুলীয়াব লাগে ৷”- ভূপেন বৰা

''বিধায়ক কিনা-বেচা কৰাসকলো দালাল ৷ বিধায়ক কিনা-বেচা কৰাকো আঁঠুৰ তলত গুলীয়াব লাগে ৷”- ভূপেন বৰা

  • Share this:
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আসন্ন ৰাজ্যসভাৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ সহজ সমীকৰণ দাঙি ধৰিছিল ৷ ২০০১ৰ পৰা মন্ত্ৰী হৈ থকাৰ সুবাদত কংগ্ৰেছৰ বিধায়কসকলৰ সৈতে আছে মুখ্যমন্ত্ৰীৰ আত্মীয়তা আৰু বন্ধুত্ব ৷ কংগ্ৰেছৰ বিধায়কৰে থকা এই দীৰ্ঘদিনীয়া বন্ধুত্বক মুখ্যমন্ত্ৰীয়ে লং টাৰ্ম ইনভেষ্টমেণ্ট হিচাপে গণ্য কৰি ব্যৱহাৰ কৰিব ৰাজ্যসভাৰ নিৰ্বাচনত ৷

মুখ্যমন্ত্ৰীৰ (CM Himanta Biswa Sarma ) এই ঘোষণাৰ পিছতে চৰ্চা আৰম্ভ হৈছিল- আচলতে কংগ্ৰেছৰ কোন কোন মুখ্যমন্ত্ৰীৰ বন্ধু? কাক কাক মুখ্যমন্ত্ৰীয়ে ইমানদিনে ইনভেষ্ট কৰি ৰাখিছে? কংগ্ৰেছত কোন কোন আছে BJPৰ এজেণ্ট?

এই চৰ্চা চলি থকাৰ সময়তে কংগ্ৰেছে ৰাজ্যসভাৰ আসনৰ বাবে সহায় বিচাৰি থকা AIUDFৰ বিধায়কে দিলে কংগ্ৰেছৰ ভিতৰত থকা BJPৰ এজেণ্টৰ খতিয়ান ৷ AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে দাবী কৰিলে- “প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ BJPৰ এজেণ্ট ৷ কমলাক্ষই মুখ্যমন্ত্ৰীৰ হৈ কাম কৰি আছে কংগ্ৰেছত থাকি ৷ (BJP agent in Congress)

এই গুৰুতৰ দাবী উত্থাপন কৰি AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে পুনৰ ক'লে  “বিৰোধী মহাজোঁট ভংগ কৰাৰ আঁৰতো আছিল BJPৰ এজেণ্ট ৷ BJPক বাট এৰি দিবলৈ ভংগ কৰাইছিল মহাজোঁটক ৷”

ৰাজ্যসভাৰ নিৰ্বাচনত (Rajya Sabha elections) বিধায়ক কিনা-বেচাৰ এই সৰৱ চৰ্চা চলি থকাৰ মাজতে দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই উলিয়ালে দালালৰ প্ৰসংগ ৷ বৰাৰ দাবী- “বিধায়ক কিনা-বেচা কৰাসকলো দালাল ৷ বিধায়ক কিনা-বেচা কৰাকো আঁঠুৰ তলত গুলীয়াব লাগে ৷”

মাৰ্চত খালী হ'বলগীয়া ৰাজ্যসভাৰ দুখন আসনত কোনে কোনে প্ৰাৰ্থী জয়ী কৰাই পঠিয়াব, সেই লৈয়ে এতিয়া চলিছে বিৰোধী আৰু শাসক পক্ষৰ মাজত অংক মিলোৱাৰ জটিল অংক ৷ মুখ্যমন্ত্ৰীৰ দাবী- "এই নিৰ্বাচনত চিন্তা কৰিবলগীয়া একোৱেই নাই ৷'' সকলো অংক তেওঁ হেনো মিলায়ে থৈছে ৷

শেহতীয়া বাতৰি