உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam By Election: আকৌ কোন কোন সমষ্টিত হ'ব উপ-নিৰ্বাচন? মুখ্যমন্ত্ৰীয়ে পুনৰ দিলে ইংগিত

    Assam By Election: আকৌ কোন কোন সমষ্টিত হ'ব উপ-নিৰ্বাচন? মুখ্যমন্ত্ৰীয়ে পুনৰ দিলে ইংগিত

    আত্মবিশ্বাস হেৰুৱাই মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছেঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

    আত্মবিশ্বাস হেৰুৱাই মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছেঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

    আত্মবিশ্বাস হেৰুৱাই মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছেঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

    • Share this:
    আকৌ ৰাজ্যত অনুষ্টিত হ'ব উপ নিৰ্বাচন (Assam Bypolls) ৷ মাজে মাজে ৰাজ্যত অনুষ্ঠিত হৈয়ে থাকিব উপ নিৰ্বাচন ৷ এই কথা শনিবাৰে নগাঁৱত সাংবাদিকৰ সন্মুখত সদৰী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড° শৰ্মাই ক'লে- “কোভিডৰ কাৰণে হ'বলগীয়া সমষ্টিসমূহত নিৰ্বাচন আয়োগে নিৰ্বাচনী সূচী প্ৰকাশ কৰা নাই ৷ ৪০-৪৫ দিনৰ পিছত কোভিড পৰিস্থিতি শাম কাটিব বুলি আশা কৰিছোঁ ৷ আমাৰ ইয়াত পাঁচ বছৰত উপ নিৰ্বাচন মাজে মাজে অনুষ্ঠিত হৈ থাকিব ৷”

    লগতে মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma) ক'লে- “দল ত্যাগ নকৰিলেও বহু বিধায়কে চৰকাৰৰ পক্ষত থাকিব ৷” কংগ্ৰেছী বিধায়ক শশীকান্ত দাসক লগত লৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই ক'লে- “শশীকান্তক কংগ্ৰেছে নিলম্বন কৰিছে ৷ তেওঁ চৰকাৰৰ লগত আছে ৷ চৰকাৰৰ লগত আছে আৰু ৰহা সমষ্টিৰ সকলো সমস্যা সমাধান পৰ্যায়ক্ৰমে কৰিবলৈ দায়িত্ব দিয়া হৈছে মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু শশীকান্ত দাসক ৷”

    মুখ্যমন্ত্ৰীৰ এই মন্তব্যক লৈ দেওবাৰে সৰৱ হৈ উঠিল বিৰোধী কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূব কুমাৰ ভট্টাচাৰ্য ৷ ভট্টাচাৰ্যই ক'লে- “মুখ্যমন্ত্ৰীৰ মন্তব্য স্ব-বিৰোধী ৷ এবাৰ দল এৰি BJPত যোগ দিয়াৰ কথা কয় আৰু এতিয়া কৈছে দলত থাকিয়েই বিৰোধীৰ বিধায়কে চৰকাৰক সমৰ্থন দিব ৷ এয়া আত্মবিশ্বাস হেৰুৱাই কোৱা কথা ৷”

    উল্লেখযোগ্য যে নিজ দল এৰি শাসকীয় BJPত যোগ দিয়াৰ বাবে থাউৰা, মৰিয়নি আৰু ভৱানীপুৰত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন ৷ লগতে বিধায়ক পৰলোকগামী হোৱাৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল তামোলপুৰ আৰু গোসাঁইগাঁও সমষ্টিত ৷ এতিয়া আৰু কোন কোন সমষ্টিত উপ নিৰ্বাচন হয়- সেয়া নিৰ্ভৰ কৰিব ৰাজনীতিৰ চাণক্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংকৰ ওপৰত ৷
    Published by:Gautam Barman
    First published: