মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC Examination 2023 : মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষাৰ সময়সূচী পুনৰ নিৰ্ধাৰণৰ বাবে ছেবাক পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

HSLC Examination 2023 : মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষাৰ সময়সূচী পুনৰ নিৰ্ধাৰণৰ বাবে ছেবাক পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

আজি লখিমপুৰত আটক কৰা অভিযুক্তই দিছে চাঞ্চল্যকৰ স্বীকাৰোক্তি

আজি লখিমপুৰত আটক কৰা অভিযুক্তই দিছে চাঞ্চল্যকৰ স্বীকাৰোক্তি

আজি লখিমপুৰত আটক কৰা অভিযুক্তই দিছে চাঞ্চল্যকৰ স্বীকাৰোক্তি

  • Share this:
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো চি আই ডিয়ে তদন্ত কৰি থকাৰ সময়তে আজি লখিমপুৰত আটক কৰা অভিযুক্তই দিছে চাঞ্চল্যকৰ স্বীকাৰোক্তি (HSLC Question Paper Leak)।

এই স্বীকাৰোক্তিৰ বিষয়ে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই টুইটযোগে জানিবলৈ দিয়ে। তথ্য অনুসৰি লখিমপুৰত আটক কৰা ব্যক্তিগৰাকীয়ে ১৮ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া আধুনিক ভাৰতীয় ভাষা (MIL)ৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল কৰিছে। মুখ্যমন্ত্ৰীয়ে সেয়ে ছেবাক অসমীয়া বিষয়ৰ পৰীক্ষাৰ সময়সূচী পুনৰ নিৰ্ধাৰণ কৰাৰ পৰামৰ্শ দিছে।  



ইপিনে মুখ্যমন্ত্ৰীৰ টুইটৰ পিছতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে এটা টুইট। এই টুইট অনুসৰি ১৮ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া আধুনিক ভাৰতীয় ভাষা বিষয়ৰ পৰীক্ষাৰ সময়সূচী পুনৰ নিৰ্ধাৰণ কৰা হ'ব।  সেয়া ১৭ মাৰ্চত ঘোষণা কৰা হ'ব।



উল্লেখ্য,  চি আই ডিয়ে অভিযান চলাই লখিমপুৰত আটক কৰে দুই শিক্ষকক। বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত আটক কৰা দুই শিক্ষক হৈছে লুইত খাবলু পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দত্ত আৰু শিক্ষক কুমুদ ৰাজখোৱা। আটক কৰি সোধা-পোছা কৰাৰ সময়ত CIDক প্ৰণৱ দত্তই দিয়ে অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টোও।

উল্লেখ্য, প্ৰশ্নকাকত ফাদিলৰ মূল অভিযোগকাৰী শচীন্দ্ৰ দলেৰ অভিযোগৰ ভিত্তিত দুয়োকে আটক কৰা হয়। বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক আছিল শচীন্দ্ৰ দলে।

শেহতীয়া বাতৰি