• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma : বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেলত উদ্বেগজনক তথ্য, ১৯৫গৰাকী লোকৰ মৃত্যুৰ লগতে ২৬ হাজাৰ বাসগৃহ ধ্বংস

CM Himanta Biswa Sarma : বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেলত উদ্বেগজনক তথ্য, ১৯৫গৰাকী লোকৰ মৃত্যুৰ লগতে ২৬ হাজাৰ বাসগৃহ ধ্বংস

File Photo

File Photo

২ লাখ ৪০ হাজাৰ ৯৬ হেক্টৰ কৃষিভূমিৰ লগতে বানত মৃত্যু হয় মুঠ ৫৪ হাজাৰ ৮ শ ৩৭ টা পশুধনৰ ৷

  • Share this:
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বানপানীক লৈ উল্লেখ কৰা তথ্য অনুসৰি ৩৪খন জিলাৰ ৯ হাজাৰ ৯ শ ৮০খন গাঁওৰ মুঠ ৮৯ লাখ ২৯ হাজাৰ লোক বানৰ কবলত পৰাৰ লগতে প্ৰলয়ংকৰী বানত ২৫ হাজাৰ ৬ শ ৭০ টা পৰিয়ালৰ ঘৰ সম্পূ্ৰ্ণ ধ্বংস হয়। ইয়াৰ লগতে বান-ভূমিস্খলনত ১৯৫ জন লোকৰ মৃত্যু হৈছে। বানাক্ৰান্ত ৩৭ গৰাকী লোক এতিয়াও সন্ধানহীন।

বিপৰীতে আংশিক ক্ষতিগ্ৰস্ত গৃহৰ তালিকাত ২ লাখ ৭৮ হাজাৰ ২৬০টা পৰিয়াল আছে ৷ দুটাকৈ দীঘলীয়া বানৰ সময়ত ৰাজ্যখনত চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত আশ্ৰয় গ্ৰহণ কৰা মুঠ বানাক্ৰান্ত সংখ্যা ৭ লাখ ৪২ হাজাৰ ২ শ ৫০ গৰাকী ৷ নৈ, গৰাখহনীয়া তথা মথাউৰি ছিঙা স্থানৰ পৰা নাও, SDRF, NDRF বাহিনীয়ে উদ্ধাৰ কৰে ৯৮ হাজাৰ ৫ শ গৰাকী লোকক।

 সমান্তৰালকৈ বানত ক্ষতিগ্ৰস্ত হয় কৃষি তথা পশুধনৰ ৷ ৰাজ্যৰ মুঠ ২ লাখ ৪০ হাজাৰ ৯৬ হেক্টৰ কৃষিভূমিৰ লগতে বানত মৃত্যু হয় মুঠ ৫৪ হাজাৰ ৮ শ ৩৭ টা পশুধন ৷ বানে সংহাৰ ৰূপ ধাৰণ ৰাজ্যখনত এতিয়াও আশ্ৰয় শিবিৰত আছে বহু লোক ৷ যদিওৱা যথেষ্ট খিনি উন্নত এতিয়া পৰিস্থিতি ৷

বানাক্ৰান্ত জনতাক সকাহ প্ৰদানৰ উদ্দেশ্যে ইতিমধ্যে শিবিৰত থকা প্ৰতিটো পৰিয়ালক ৩ হাজাৰ ৮ শ টকাকৈ প্ৰদানৰ লগতে  বানত কিতাপ-পত্ৰ হেৰুওৱা মুঠ ১ লাখ ১ হাজাৰ ৫ শ ৩৯ গৰাকী শিক্ষাৰ্থীলৈ কিতাপ পত্ৰৰ বাবে ১ হাজাৰ টকাকৈ অনুদান দিয়ে ৷

শনিবাৰে জনতা ভৱনৰ পৰা আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে এই ধন ৷ মুখ্যমন্ত্ৰীয়ে লগতে প্ৰকাশ কৰে যে বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি গৃহহীন আৰু আশিংকভাৱে ক্ষতিগ্ৰস্ত হোৱা লোকক সহায় কৰিব চৰকাৰে ৷ ইয়াৰ বাবে অহা ২০ জুলাইৰ পৰা ১০ দিনৰ বাবে মন্ত্ৰীসকলে পৰিদৰ্শন কৰিব ক্ষতিগ্ৰস্ত হোৱা স্থান ৷ ক্ষতিগ্ৰস্ত গৃহৰ সমান্তৰালকৈ ৩০ ছেপ্টেম্বৰৰ পৰা ভঙা-ছিঙা মথাউৰি, পথ, ৰাজহুৱা অনুষ্ঠান সকলোবোৰৰ নিৰ্মাণৰ বাবে ধন মোকোলাই দিয়াৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি