
বুধবাৰে দুপৰীয়া নলবাৰীৰ এগৰাকী ছাত্ৰীৰ গাত দুৰ্ভাগ্যবশতঃ বাগৰি পৰে বিদ্যুত পৰিবাহী খুঁটা
বুধবাৰে দুপৰীয়া নলবাৰীৰ এগৰাকী ছাত্ৰীৰ গাত দুৰ্ভাগ্যবশতঃ বাগৰি পৰে বিদ্যুত পৰিবাহী খুঁটা
বিশ্বনাথ চাৰিআলিত বিদ্যুৎপৰিবাহী তাঁৰত লাগি বিদ্যুত বিভাগৰ কৰ্মচাৰীয়ে কৰুণ মৃত্যুক সাৱটি লোৱাৰ পিছত বুধবাৰে শৰীৰত বিদ্যুতৰ খুঁটা বাগৰি পৰাৰ ফলত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় নলবাৰীৰ দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰী। পিছত স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰা হয় ছাত্ৰীগৰাকীক। বিদ্যুতৰ খুঁটা বাগৰি গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হোৱা ছাত্ৰীগৰাকীৰ নাম চয়নীকা তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে। কলদী গোপালথান হাইস্কুলৰ দশম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰীগৰাকী চাইকেলেৰে নিজ ঘৰলৈ আহি থকাৰ অৱস্থাত সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনা।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|