চৰাইদেউৰ মাহমৰাত দশম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন। জানিব পৰা মতে, চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকতিবাৰী থানাৰ অন্তৰ্গত লিকচন চেলেংগাঁৱৰ ৰবি শংকৰ দিহিঙীয়া নামৰ দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰজনে ঘৰত কোনো নথকা অৱস্থাত ঘৰৰ পৰা চাইকেলেৰে ওলাই গৈছিল৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, এটা বেগত কাপোৰ-কানি ভৰাই ছাত্ৰজনে সোণাৰি অভিমুখে গৈছিল৷ দেওবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ থকা ছাত্ৰজনক পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান লাভ নকৰিলে৷
অৱশ্যে সন্দেহবশতঃ ভজো ৰে’ল ষ্টেচনৰ দিশে খা-খবৰ ল’বলৈ যাওঁতে ছাত্ৰজনে নিয়া চাইকেলখন ভজো ৰেল’ৱে ষ্টেচনত উদ্ধাৰ হয়৷ ছাত্ৰজনে ৰে’লযোগে কোনো দূৰণিবটীয়া ঠাইলৈ যোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে৷
আনহাতে, ঘটনা সন্দৰত ইতিমধ্যে স্থানীয় কাকতিবাৰী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে৷ আৰক্ষীয়ে ছাত্ৰজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত ছাত্ৰজনৰ কোনো সন্ধান লাভ কৰা নাই৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 12, 2022, 15:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।