মুখ্যপৃষ্ঠা » খবৰ

» অসম

»''AIUDF ৰাজনৈতিক দল নহয়, আজমলৰ ব্যক্তিগত কোম্পানীহে''- ছিদ্দিক আহমেদ

''AIUDF ৰাজনৈতিক দল নহয়, আজমলৰ ব্যক্তিগত কোম্পানীহে''- ছিদ্দিক আহমেদ

News18 Assam | News18-Assam
Updated:September 27, 2021, 4:07 PM IST
''AIUDF ৰাজনৈতিক দল নহয়, আজমলৰ ব্যক্তিগত কোম্পানীহে''- ছিদ্দিক আহমেদ
AIUDFৰ পঞ্জীয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগক দাবী বিধায়কগৰাকীৰ

AIUDFৰ পঞ্জীয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগক দাবী বিধায়কগৰাকীৰ

  • News18 Assam
  • Last Updated: September 27, 2021, 4:07 PM IST
  • Share this:

বিৰোধী দল দুটাত সংঘাত তীব্ৰতৰ হৈছে। কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত সংঘাত বৃদ্ধি পাইছে। দুয়োটা দলৰ শীৰ্ষ নেতৃত্বৰ মাজত তীব্ৰতৰ হৈছে বাকযুদ্ধ। এইবাৰ এআইইউডিএফৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ‌। দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ছিদ্দিক আহমেদে AIUDFক আজমলৰ ব্যক্তিগত কোম্পানী আখ্যা দিছে।


অসমৰ সংখ্যালঘু ৰাইজৰ সংকটময় পৰিস্থিতিৰ বাবে AIUDFকে দায়ী কৰে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়কগৰাকীয়ে। AIUDFৰ পঞ্জীয়ন কৰ্তনৰ দাবীৰ বাবে নিৰ্বাচন আয়োগক দাবী জনায় ছিদ্দিক আহমেদে। সোমবাৰে ছিদ্দিক আমহেদে এআইইউডিএফক সমালোচনা কৰাৰ কিছু মুহূৰ্তৰ পিছত এআইইউডিএফৰ দুগৰাকী বিধায়কেও উভতি ধৰে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদক।


এআইইউডিএফৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমি আৰু দলগাঁওৰ বিধায়ক মুজিবুৰ ৰহমানেও সমালোচনা কৰে ছিদ্দিক আহমেদ আৰু কংগ্ৰেছ দলক। এআইইউডিএফ সম্পৰ্কত কটু মন্তব্য নকৰিবলৈ ছিদ্দিক আহমেদক সকীয়াই দিয়ে দলগাঁও সমষ্টিৰ এআইইউডিএফৰ বিধায়ক মুজিবুৰ ৰহমানে।



বিগত নিৰ্বাচনত এআইইউডিএফৰ লগত মিত্ৰতা নকৰিলে কংগ্ৰেছে দহখন আসনো নাপালে হয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই হাফিজ বছিৰ আহমেদ কাছিমিয়ে। ইফালে গৰুখুঁটি ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক উচিত সাহায্য দিয়াৰ লগতে উচ্ছেদিত লোকক বিকল্প ভূমি দিবলৈ চৰকাৰক দাবী জনায় ছিদ্দিক আহমেদে।

Published by: Gautam Barman
First published: September 27, 2021, 4:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি