বিজু কুমাৰ ডেকা : আলোচনাৰ মেজত থকা সশস্ত্ৰ বড়ো বিদ্ৰোহী সংগঠন NDFB(P)ত চলি থকা আভ্যন্তৰীণ সংঘাতে এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ বিগত ২১ আগষ্টত সংগঠনৰ প্ৰাক্তন অধ্যক্ষ তথা উপদেষ্টা ধীৰেন বড়োক বহিষ্কাৰ কৰিছিল NDFB(P)-এ৷ বহিষ্কাৰ কৰিছিল ইষ্টাৰ্ণ কমাণ্ডাৰ ফ্ৰেছ মুছাহাৰীকো৷ দুয়োগৰাকী জ্যেষ্ঠ নেতাক সংগঠনৰ প্ৰাথমিক সদস্য পদৰ পৰাও আঁতৰোৱা হৈছিল৷ ইয়াৰ পূৰ্বে বিগত ৬ জুনত অধ্যক্ষ পদৰ পৰা ধীৰেন বড়োক আঁতৰাই গোবিন্দ বসুমতাৰীক নিযুক্তি দি NDFB(P)ৰ নেচনেল কাউন্সিলখন গঠন কৰিছিল সংগঠনটোৱে৷
সেই ৬ জুনত অধ্যক্ষ পদ হেৰুওৱা আৰু পিছত ২১ আগষ্টত সংগঠনৰ পৰা বহিষ্কৃত হোৱাৰ লগে লগে আৰম্ভ হৈ গৈছিল দুটা ফৈদৰ মুকলি সংঘাত৷ এই সংঘাতে শুকুৰবাৰে নিশা চূড়ান্ত ৰূপ লয়৷ ধীৰেন বড়ো, ফ্ৰেছ মুছাহাৰীৰ একাংশ সমৰ্থকে শুকুৰবাৰে নিশা দখল কৰে বাক্সাত থকা NDFB(P)ৰ ডেজিগনেটেড কেম্পটো৷
এই সন্দৰ্ভত অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই প্ৰত্যক্ষভাৱে ধীৰেন বড়োক সহায় কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে NDFB(P)ৰ সাধাৰণ সম্পাদক বি ছাঞ্জাৰাঙে৷ NEWS18ক ছাঞ্জাৰাঙে জনোৱা মতে শুকুৰবাৰৰ নিশা মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপস্থিতিত স্থানীয় আৰক্ষী-প্ৰশাসনৰ সহযোগত ধীৰেন বড়ো গোটে দখল কৰে বাক্সাৰ ডেজিগনেটেড কেম্পটো৷
ছাঞ্জাৰাঙৰ দাবী, “মন্ত্ৰী চন্দনৰ সহযোগত শুকুৰবাৰে নিশা বাক্সাৰ বৰবৰীৰ ডেজিগনেটেড কেম্পটো দখল কৰে ধীৰেন বড়ো, ফ্ৰেছ মুছাহাৰী আৰু বি ডেৎচুঙৰ এটা দলে৷ কেম্পটো দখল কৰিয়েই কেম্পত থকা শতাধিক কেডাৰৰ সকলো মোবাইল কাঢ়ি লৈছিল বি ডেৎচুং বাহিনীয়ে৷ ভীতিগ্ৰস্ত কেডাৰসকলে কোন গোটত সমৰ্থন দিব, সেই লৈ বিপাঙত পৰিছিল৷”
বৰবৰীৰ ডেজিগনেটেড কেম্পটো দখলৰ এদিন পিছতেই কোকৰাঝাৰৰ আৰনাই হোটেলত অনুষ্ঠিত হৈছিল এক গোপন বৈঠকৰ৷ বৈঠকত উপস্থিত আছিল বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, মন্ত্ৰী চন্দন ব্ৰক্ষ্ম, NDFB(P)ৰ বহিস্কৃত উপদেষ্টা ধীৰেন বড়ো, ফ্ৰেছ মুছাহাৰীৰ লগতে একাংশ ধীৰেন বড়োৰ সমৰ্থক৷
বৈঠকখনত NDFBৰ পূৰ্বৰ সেনাধ্যক্ষ, যিজন পলাতক বুলি চিবিআইয়ে ঘোষণা কৰি থৈছে- ডিন্থিলাং ওৰফে অৰুণ বৰগয়াৰীও আছিল। যিজন ২০০৮ৰ ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড৷
উল্লেখযোগ্য যে মন্ত্ৰী চন্দন ব্ৰহ্মৰ সহযোগত শুকুৰবাৰে নিশা বাক্সাৰ বৰবৰী ডেজিগনেটেড কেম্প দখল, ইয়াৰ পিছত শনিবাৰে সন্ধিয়া কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীয়ে বৈঠক আৰু শেষত ধীৰেন বড়ো গোটে দেওবাৰে গঠন কৰিলে নতুন গোট৷ গঠন কৰিলে নতুন মুঠ ১৯ জনীয়া নেচনেল কাউন্সিল৷ ধীৰেন বড়োৰ গোটৰ নেচনেল কাউন্সিলৰ অধ্যক্ষ পদত ধীৰেন বড়ো, উপ–সভাপতি পদত ফ্ৰেছ মুছাহাৰী, সাধাৰণ সম্পাদক পদত বি ডেৎচুঙকে প্ৰমুখ্যে কৰি আছে ১৯জন৷
এয়া হ'ল সাম্প্ৰতিক সময়ৰ NDFB(P)ৰ সংঘাত আৰু বিটিএডিৰ ৰাজনীতি৷ বিটিএডিৰ আসন্ন পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে আলোচনাৰত NDFB(P)ত ঘটা বিভাজন আৰু হাগ্ৰামা বাহিনীৰ কূটনৈতিক জয়৷
উল্লেখযোগ্য যে NDFBৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰী ওৰফে ডি আৰ নাবলা আলোচনাৰ মেজলৈ অহাৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীৰ বিশেষ ভূমিকা আছে৷ সম্প্ৰতি দৈমাৰী ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত দোষী সাব্যস্ত হৈ কাৰাৰুদ্ধ৷ কিন্তু দৈমাৰীৰ গোটটো এতিয়াও হাগ্ৰামাৰ সমৰ্থনতে আছে বুলি বড়ো ৰাজনৈতিক বিশেষজ্ঞ মহলে দাবী কৰে৷ এই ক্ষেত্ৰত গোবিন্দ বসুমতাৰী গোটে প্ৰথমাৱস্থাৰে পৰা বিৰোধিতা কৰি আহিছে হাগ্ৰামা মহিলাৰীক৷
কিন্তু NDFB(P)ত হোৱা শেহতীয়া বিভাজনে সহায় কৰিব হাগ্ৰামা মহিলাৰীক৷ কিয়নো কোকৰাঝাৰ বিএলটিৰ কব্জাত থকাৰ বিপৰীতে চিৰাং NDFB(S) আৰু বাক্সা তথা ওদালগুৰি আছিল NDFB(P)ৰ কব্জাত৷ এতিয়াৰ বিভাজনত বাক্সাৰ সমৰ্থনো যাব হাগ্ৰামলৈ৷ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে এয়া হাগ্ৰামাৰ কূটনৈতিক বিজয়৷ যিয়ে বিপিএফক সহায় কৰিব আসন্ন নিৰ্বাচনত৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 26, 2019, 07:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।