বিগত নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছিল নগাঁও জিলা পৰিষদৰ সভানেত্ৰীৰ আসনখন। বিগত নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছিল নগাঁও জিলা পৰিষদৰ সভানেত্ৰীৰ আসনখন। চৌদিশে বিজেপিৰ জয়জয়কাৰ চলি থকা অৱস্থাতে বিজেপিত সৃষ্টি হৈছে তীব্ৰ বিসম্বাদৰ।এই বিসম্বাদৰ বাবেই বৰ্তমান নগাঁও জিলা পৰিষদত সৃষ্টি হৈছে চৰম অচলাৱস্থাৰ। বিজেপিৰ চামগুৰি জিলা পৰিষদৰ সদস্যা ৰীতা কাকতি বৰাৰ নেতৃত্বত কংগ্ৰেছৰ ৮ গৰাকী, এআইইউডিএফৰ ১গৰাকী, অগপৰ ৫গৰাকী আৰু বিজেপিৰ ৩ গৰাকী জিলা পৰিষদৰ সদস্যই নগাঁও জিলা পৰিষদৰ সভানেত্ৰী মুনমণি দাস বৰাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছে।
উল্লেখযোগ্য যে, ২৯গৰাকী জিলা পৰিষদৰ সদস্যৰে গঠিত নগাঁও জিলা পৰিষদত বিজেপিৰ ১৩গৰাকী আৰু অগপৰ ৫গৰাকী সদস্য আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ৯ গৰাকী আৰু এআইডিএফৰ তিনিগৰাকী সদস্য আছে।
বিগত নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হৈছিল নগাঁও জিলা পৰিষদৰ সভানেত্ৰীৰ আসনখন। কিন্তু বিজেপিৰ টিকটত ক্ৰমে মুনমণি দাস বৰা আৰু ৰীতা কাকতি বৰা নামৰ দুগৰাকী অনুসূচিত জাতিৰ মহিলা নিৰ্বাচিত হোৱাত সভানেত্ৰীৰ আসনখনক লৈ টনা-আঁজোৰাৰ সৃষ্টি হৈছিল। প্ৰথমাৱস্থাত দলে এই সংঘাত নিৰ্মূলৰ বাবে দুয়োগৰাকী সদস্যাকে ৫বছৰীয়া কাৰ্যকাল ভগাই দিয়াৰ প্ৰতিশ্ৰুতিৰে বিসম্বাদ নিৰ্মূল কৰিছিল যদিও বিগত প্ৰায় ৬মাহ ধৰি ৰীতা কাততি বৰাই সভানেত্ৰীৰ আসনৰ বাবে তীব্ৰ বিসম্বাদত লিপ্ত হয়।
অৱশেষত বৃহস্পতিবাৰে নগাঁও জিলা উপায়ুক্তৰ ওচৰত ৰীতা কাকতি বৰাৰ নেতৃত্বত কংগ্ৰেছ, এআইইউডিএফ আৰু অগপৰ ২০গৰাকী সদস্যই নগাঁও জিলা পৰিষদৰ সভানেত্ৰী মুনমণি দাস বৰাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰে। অৱশ্যে এক-তৃতীয়াংশ সদস্যৰ স্বাক্ষৰ অবিহনে এই অনাস্থা প্ৰস্তাৱ গ্ৰাহ্য হোৱাৰ সম্ভাৱনা নাই। তথাপিও কেৱল ক্ষমতাৰ স্বাৰ্থত দলীয় নীতি-আদৰ্শক পৰিহাৰ কৰি বিজেপিৰ একাংশ সদস্যই নগাঁও জিলা পৰিষদত কংগ্ৰেছ আৰু এআইইউডিএফৰ সহায়ত দলবিৰোধী কাৰ্যকলাপত জড়িত হোৱা কাৰ্যই নগঁঞা ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বিজেপিৰ দুগৰাকী জিলা পৰিষদৰ সদস্যই অনাস্থা প্ৰস্তাৱৰ পৰা নিজকে আঁতৰাই ৰাখিছে বুলিও দলীয় নেতৃত্বক অৱগত কৰিছে।
Published by: Sanjay Kumar Das
First published: March 18, 2022, 09:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|