‘কংগ্ৰেছত আছে বিজেপিৰ এজেণ্ট, তেওঁলোকে কেতিয়াও দলটো শক্তিশালী হোৱাটো নিবিচাৰে’

সভাপতি পদৰ পৰা ৰিপুণ বৰাক আৰু বিৰোধী দলপতি পদৰ পৰা দেৱব্ৰত শইকীয়াক আঁতৰোৱাৰ দাবীত মঙলবাৰে তৰুণ গগৈসহ অসম কংগ্ৰেছৰ এটা দলে ছোনিয়া গান্ধীক সাক্ষাৎকাৰ কৰা বুলি চৰ্চা চলিছিল

News18-Assam
Updated:November 6, 2019, 1:33 PM IST
‘কংগ্ৰেছত আছে বিজেপিৰ এজেণ্ট, তেওঁলোকে কেতিয়াও দলটো শক্তিশালী হোৱাটো নিবিচাৰে’
সভাপতি পদৰ পৰা ৰিপুণ বৰাক আৰু বিৰোধী দলপতি পদৰ পৰা দেৱব্ৰত শইকীয়াক আঁতৰোৱাৰ দাবীত মঙলবাৰে তৰুণ গগৈসহ অসম কংগ্ৰেছৰ এটা দলে ছোনিয়া গান্ধীক সাক্ষাৎকাৰ কৰা বুলি চৰ্চা চলিছিল
News18-Assam
Updated: November 6, 2019, 1:33 PM IST
ৰাজ্যৰ ৰাজনীতিত প্ৰায় বিধস্ত হৈ পৰা কংগ্ৰেছ দলৰ নেতা সকলৰ মাজত আকৌ আৰম্ভ হৈছে বিসম্বাদ! দলটোক শক্তিশালী কৰাত গুৰুত্ব আৰূপ কৰাৰ পৰিৱৰ্তে ৰাজ্যৰ উচ্চ পৰ্যায়ৰ নেতা সকলৰ মাজত চলি থকা এনে ক্ষমতা কেন্দ্ৰীক বাদ–বিবাদে দলটোৰ কৰ্মী সকলক হতাশ কৰি পেলাইছে !

সভাপতি পদৰ পৰা ৰিপুণ বৰাক আৰু বিৰোধী দলপতি পদৰ পৰা দেৱব্ৰত শইকীয়াক আঁতৰোৱাৰ দাবীত মঙলবাৰে তৰুণ গগৈসহ অসম কংগ্ৰেছৰ এটা দলে ছোনিয়া গান্ধীক সাক্ষাৎকাৰ কৰা বুলি চৰ্চা চলাৰ সময়তে চলি থকা বিসম্বাদ সম্পৰ্কত এইবাৰ মুখ খুলিছে দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়াই কয় যে, ‘কংগ্ৰেছ দলত হাই কমাণ্ড আছে, সকলো সিদ্ধান্ত হাই কমাণ্ডে ল’ব।দলৰ আভ্যন্তৰিণ বিষয় ৰাজহুৱা কৰিব নাপায়।আভ্যন্তৰিণ কথা ৰাজহুৱা নকৰিবলৈ ৰূপজ্যোতি কুৰ্মীকো মই সকীয়াই দিছো।’ দেৱব্ৰত শইকীয়াক অপসাৰণ কৰিবলৈ একাংশই চেষ্টা কৰি থকাৰ সময়তে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দ্বীজেন শৰ্মাই দেৱব্ৰত শইকীয়াৰ পক্ষত অৱস্থান কৰিছে। সেইদৰে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে সম্পূৰ্ণ ভিত্তিহীন অভিযোগ অনা হৈছে বুলিও মন্তব্য কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।

ৰিপুন বৰা আৰু দেৱব্ৰত শইকীয়া


লবী কেন্দ্ৰীক ৰাজনীতিয়ে ক্ৰমাৎ বিধ্বস্ত কৰা কংগ্ৰেছৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মুখপাত্ৰ অপূৰ্ব বেজবৰুৱাৰ এক বিশেষ মন্তব্যকলৈ এতিয়া বিশেষ চৰ্চা চলিছে ৰাজ্যৰ ৰাজনীতিত। ভট্টাচাৰ্যৰ মতে, ‘কংগ্ৰেছত আছে বিজেপিৰ এজেণ্ট। কংগ্ৰেছ শক্তিশালী হোৱাতো নিবিচাৰে বিজেপিৰ এজেণ্টে।’ বিধায়ক ৰেকিবুদ্দিন আহমেদে বিষয়টো হাইকামাণ্ডে সিদ্ধান্ত ল’ব বুলি উল্লেখ কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি