এটা সিজোৱা কণীৰ বাবেই বৰপেটাৰ হাউলীত প্ৰচণ্ড মাৰপিট৷ হাউলীৰ কালঝাৰ গাঁৱৰ ২নং অংগনৱাড়ী কেন্দ্ৰত এটা সিজোৱা কণীক লৈ সৃষ্টি হোৱা তৰ্কাতৰ্কিয়ে অবশেষত ল’লে প্ৰচণ্ড মাৰপিটৰ ৰূপ।
হাউলীৰ কালঝাৰ গাঁৱৰ ২নং অংগনৱাড়ী কেন্দ্ৰত শিশুসকলৰ মাজত বিতৰণ কৰা হৈছিল সিজেৱা কণী৷ এনেতে কেন্দ্ৰটোত উপস্থিত হৈ হাফিজুৰ খান আৰু তেওঁৰ পত্নী চান ভানু খাতুনে কেন্দ্ৰটোৰ কৰ্মীগৰাকীক দাবী কৰিলে যে তেওঁলোককো লাগে এটা সিজোৱা কণী৷ পিছে কেন্দ্ৰত উপস্থিত নথকা কোনো শিশুৰ নামত কণী দিয়া নহ’ব বুলি কোৱাৰ পিছতে অংগনৱাড়ী কেন্দ্ৰটোত দুই স্বামী–স্ত্ৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
দুয়ো অংগনৱাড়ী কেন্দ্ৰটোৰ কৰ্মী সাহাতন আহমেদক অপদস্থ কৰাৰ লগতে শাৰীৰিকভাৱে মাৰপিট কৰে দম্পতীহালে। ইপিনে কণী এটাৰ বাবে সৃষ্টি হোৱা তয়াময়া যুঁজখনে হাঁহিৰ খোৰাকো যোগালে ৰাইজক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 01, 2022, 17:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।