চামগুৰিৰ এআইইউডিএফৰ সভাত তয়াময়া ৰণ, দুই ফৈদৰ সংঘাতত আহত বহু কৰ্মী

News18 Assam | News18-Assam
Updated:September 15, 2020, 8:53 AM IST
চামগুৰিৰ এআইইউডিএফৰ সভাত তয়াময়া ৰণ, দুই ফৈদৰ সংঘাতত আহত বহু কৰ্মী
প্ৰচণ্ড মাৰপিটত আঘাতপ্ৰাপ্ত দুই দলীয় কৰ্মী মজিবুৰ ৰহমান আৰু মহিবুৰ ৰহমান।

প্ৰচণ্ড মাৰপিটত আঘাতপ্ৰাপ্ত দুই দলীয় কৰ্মী মজিবুৰ ৰহমান আৰু মহিবুৰ ৰহমান।

  • News18 Assam
  • Last Updated: September 15, 2020, 8:53 AM IST
  • Share this:
চামগুৰি সমষ্টিৰ লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত লৰিমুখত AIUDF দলৰ কৰ্মী সভাত প্ৰচণ্ড মাৰপিট। লৰিমুখ মাৰ্কাজ একাডেমীত অনুষ্ঠিত হোৱা দলীয় সভাত AIUDFৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি জহিৰুল ইছলাম আৰু মহিলা মৰ্চাৰ সভানেত্ৰী বিনা দৈমাৰীৰ সন্মুখতে AIUDF ৰ দুই ফৈদৰ মাজত সংঘটিত হৈছিল এই প্ৰচণ্ড মাৰপিটৰ ঘটনা।

প্ৰচণ্ড মাৰপিটত আঘাতপ্ৰাপ্ত দুই দলীয় কৰ্মী মজিবুৰ ৰহমান আৰু মহিবুৰ ৰহমান। জানিব পৰা মতে বহুদিনৰে পৰা AIUDFৰ দলীয় কৰ্মী দুই ফৈদৰ মাজত সংঘাত চলি আহিছিল।ততাতৈয়াকৈ আহতসকলক কাৱৈমাৰী FRUত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।

ইতিমধ্যে ঘটনা সংক্ৰান্তত মুছকুৰ ৰহমান, মফিজুল ইছলাম, ইয়াকুব আলী, আনাৰুল ইছলাম, ছাইদুল ইছলামৰ  বিৰুদ্ধে কাৱৈমাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।
Published by: Sanjay Kumar Das
First published: September 15, 2020, 8:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading