নগাঁৱত AIUDF বিধায়কে মূৰ ফালিলে দলীয় কৰ্মীৰ!

বিধায়কজনে অভিযোগ কৰে যে বিজেপিৰ একাংশ সমৰ্থকেহে সভালৈ আহি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।

News18-Assam
Updated:August 28, 2019, 3:23 PM IST
নগাঁৱত AIUDF বিধায়কে মূৰ ফালিলে দলীয় কৰ্মীৰ!
বিধায়কজনে অভিযোগ কৰে যে বিজেপিৰ একাংশ সমৰ্থকেহে সভালৈ আহি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।
News18-Assam
Updated: August 28, 2019, 3:23 PM IST
নগাঁৱত AIUDFৰ সভাত উত্তপ্ত পৰিস্থিতি। বিধায়ক আমিনুল ইছলামে দলীয় কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ। বিধায়কজনৰ প্ৰহাৰত কেইবাজনো দলীয় কৰ্মী আহত হোৱাৰ অভিযোগ। নিজে বহি থকা চকীৰে আমিনুল ইছলামে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে দলীয় কৰ্মীয়ে বিধায়ক ইছলামক আক্ৰমণৰ চেষ্টা চলায়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠিচালনা।

এই ঘটনাৰ পিছতে সভাৰ পৰা পলায়ন কৰে বিধায়ক আমিনুল ইছলামে। আহতকেইজন মোবাৰক আলী, হবিবুৰ ৰহমান, গফুৰ আলী, কুটুবুদ্দিন আৰু মকবুল হুছেইন। ইফালে, এই ঘটনা অস্বীকাৰ কৰে বিধায়ক আমিনুল ইছলামে। বিধায়কজনে অভিযোগ কৰে যে বিজেপিৰ একাংশ সমৰ্থকেহে সভালৈ আহি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি