হাইলাকান্দিত ৰণক্ষেত্ৰত পৰিণত হ’ল অসম গণ পৰিষদৰ সাংগঠনিক সভা। দুই ফৈদৰ কাজিয়াত লণ্ডভণ্ড হ’ল সভাস্থলী। অগপ সদস্যসকলে ভাঙি চুৰমাৰ কৰিলে সভাস্থলীৰ চকী।
বুধবাৰ বিয়লি হাইলাকান্দি চহৰত আয়োজন কৰা হৈছিল অসম গণ পৰিষদৰ এক সাংগঠনিক সভাৰ। স্থানীয় এখন হোটেলৰ সভাকক্ষত আয়োজন কৰা হৈছিল এই সভাৰ। অগপৰ হাইলাকান্দি জিলাৰ নৱগঠিত কমিটী আৰু নতুনকৈ মনোনীত হোৱা জিলা সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণাৰ বাবে আয়োজন কৰা হৈছিল এই সভাৰ।
কিন্তু সভা আৰম্ভ হোৱাৰ কিছু সময় পিছতে সৃষ্টি হয় এক উত্তেজনময় পৰিস্থিতিৰ। এই সভাখন গোপনে আয়োজন কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ দলীয় কৰ্মীয়ে সভাৰ কামত বাধা দিবলৈ আৰম্ভ কৰে। আৰু ইয়াৰ পৰাই সৃষ্টি হয় কাজিয়াৰ। দলীয় কৰ্মীৰ দুই ফৈদৰ কাজিয়াৰ ফলতে সম্পূৰ্ণ লণ্ডভণ্ড হয় সভা স্থলী। দলীয় কৰ্মীসকলে ভাঙি চুৰমাৰ কৰে প্ৰায় অৰ্ধশতাধিক চকী।
দৰাচলতে, এই দুই ফৈদ নৱমনোনীত জিলা সভাপতি হৰিমোহন ৰাজভৰ আৰু সদ্য প্ৰাক্তন জিলা সভাপতি আফতাব উদ্দিনৰ সমৰ্থক বুলি অনুমান কৰা গৈছে। কিন্তু এই প্ৰতিবাদকাৰী সকলক অন্য ৰাজনৈতিক দলৰ সদস্য বুলি সংবাদ মাধ্যমক অৱগত কৰে অগপ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনীল ডেকাই।
আনহাতে, অৰ্থৰ বিনিময়ত অগপৰ কেন্দ্ৰীয় সম্পাদক বিমলেন্দু সিংহই এই কমিটীখন গঠন কৰি দিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সদস্যসকলে। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য বিৰাজ কৰিছে হাইলাকান্দিত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|