• Home
  • »
  • News
  • »
  • assam
  • »
  • বঙাইগাঁৱত জাল মৰাক কেন্দ্ৰ কৰি দুজন লোকৰ মাজত ভয়ংকৰ মাৰপিট, এজনৰ মৃত্যু

বঙাইগাঁৱত জাল মৰাক কেন্দ্ৰ কৰি দুজন লোকৰ মাজত ভয়ংকৰ মাৰপিট, এজনৰ মৃত্যু

নিশা বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত ঝাউবাৰীত সংঘটিত হৈছে এই ঘটনা।

নিশা বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত ঝাউবাৰীত সংঘটিত হৈছে এই ঘটনা।

নিশা বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত ঝাউবাৰীত সংঘটিত হৈছে এই ঘটনা।

  • Share this:
জালক লৈ সৃষ্টি হোৱা কাজিয়াৰ বাবে মৃত্যুক সাবটিবলগীয়া হ’ল এজন লোকে৷ নিশা বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত ঝাউবাৰীত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, এখন জালক লৈ স্থানীয় দুজন লোকৰ মাজত নিশা কাজিয়াৰ সূত্ৰপাত ঘটে৷ স্থানীয় দেৱব্ৰত পাটগিৰিয়ে পথাৰত মাছ ধৰা জাল নামাৰিবলৈ কৈছিল যদিও মনোৰঞ্জন ৰায়ে জাল মেলি দিয়ে৷ ইয়াতে দেৱব্ৰত পাটগিৰিয়ে ক্ষুন্ন হৈ জালখন কাটি পেলায়৷ পৰৱৰ্তী সময়ত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু হতাহতিত লিপ্ত হয়। এটা সময়ত কাজিয়াই চূড়ান্ত ৰূপ লয় আৰু পৰস্পৰে পৰস্পৰক দা-কটাৰীৰে আক্ৰমণ কৰে৷

ঘটনাত দেৱব্ৰত পাটগিৰি আৰু মনোৰঞ্জন ৰায় গুৰুতৰভাৱে আহত হোৱাত স্থানীয় ৰাইজে দুয়োকে মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় লৈ আনে যদিও দেৱব্ৰত পাটগিৰিক চিকিৎসকে মৃত ঘোষণা কৰে৷ সম্প্ৰতি ঘটনাত আহত মনোৰঞ্জন ৰায় চিকিৎসাধীন অৱস্থাত আছে৷
Published by:Sanjay Kumar Das
First published: