বৰছলাৰ অৰিয়ানতলীত সুৰাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড সংঘাত, কেইবাজনো আহত

এই ঘটনাক যাতে কোনেও সাম্প্ৰদায়িক ৰূপ দিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অৰিয়ানতলী এলেকাত সান্ধ্য আইন জাৰি কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে।
এই ঘটনাক যাতে কোনেও সাম্প্ৰদায়িক ৰূপ দিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অৰিয়ানতলী এলেকাত সান্ধ্য আইন জাৰি কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে।
- News18 Assam
- Last Updated: August 16, 2020, 9:38 PM IST
নিশাই যুৱককেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰি বাগিচা কৰ্তৃপক্ষই চিকিৎসাৰ ব্যৱস্থা কৰে যদিও আজি পুৱা আক্ৰমণকাৰী যুৱক কেইজনক বাগিচাৰ লোকসকলে আলোচনাৰ বাবে বিচাৰি গৈ ঘৰত নোপোৱাত তেওঁলোকৰ বাসগৃহ লণ্ডভণ্ড কৰে। চাহ বাগিচাৰ একাংশ লোকে পাঁচটাকৈ বাসগৃহ ক্ষতিসাধন কৰে৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতোসহ আৰক্ষীৰ দল, আটছা, আছা, যুৱ ছাত্ৰ পৰিষদ, চাহ মজদুৰ সংঘৰ বিষয়ববীয়াই ঘটনাস্থলীত উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
ইফালে, এই ঘটনাক যাতে কোনেও সাম্প্ৰদায়িক ৰূপ দিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অৰিয়ানতলী এলেকাত সান্ধ্য আইন জাৰি কৰিছে শোণিতপুৰ জিলা প্ৰশাসনে। আনহাতে, ঘটনাৰ সুত্ৰপাত ঘটোৱা যুৱক যুগল নাথক নিশাই ঢেকিয়াজুলি আৰক্ষীয়ে আটক কৰে। এই ঘটনা সংক্ৰান্তত দুই পক্ষৰেই এজাহাৰ গ্ৰহণ কৰি ঘটনাৰ উপযুক্ত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ পোষকতা কৰে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই।