• Home
  • »
  • News
  • »
  • assam
  • »
  • তামাৰহাটত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট, ৮জনক হাস্পতাললৈ প্ৰেৰণ, কিহৰ বাবে এই ঘটনা?

তামাৰহাটত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট, ৮জনক হাস্পতাললৈ প্ৰেৰণ, কিহৰ বাবে এই ঘটনা?

মাৰপিটত আহত চাৰিজনক সংকটজনক অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

মাৰপিটত আহত চাৰিজনক সংকটজনক অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

মাৰপিটত আহত চাৰিজনক সংকটজনক অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

  • Share this:
ধুবুৰী জিলাৰ তামাৰহাটত ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। পুৰুষ-মহিলাসহ আঠজনকৈ লোক গুৰুতৰ আহত হয় এই ঘটনাত। মাৰপিটত আহত চাৰিজনক সংকটজনক অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

প্ৰাপ্ত তথ্য মতে, পলাশকান্দি গাঁৱৰ বাসিন্দা আজাহাৰ আলী মোল্লাই দহ বছৰমান পূৰ্বে একেখন গাঁৱৰে ছিদ্দিক শ্বেখৰ পিতৃৰ খুৰাকৰ পৰা পাঁচ বিঘা মাটি কিনিছিল। উক্ত মাটিৰ পৰা আজাহাৰ আলী মোল্লাই আধা বিঘা মাটি বিক্ৰী কৰিব বিচৰাত ছিদ্দিক শ্বেখে মাটি বিক্ৰী কৰাত বাধা প্ৰদান কৰে আৰু তেওঁ উক্ত মাটিখিনি বিক্ৰী কৰা নাই বুলি দাবী কৰে। তাৰ ফলত উভয় পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।

উক্ত কাজিয়া মীমাংসা কৰাৰ বাবে গাঁৱৰ মুৰব্বীসকলে আজি এক বৈঠকত মিলিত হয়। বৈঠকত আলোচনা চলি থকাৰ মাজতে পূৰ্বপৰিকল্পিতভাৱে ছিদ্দিক শ্বেখৰ ফৈদৰ প্ৰায় ২০–২৫ জনীয়া দলে আজাহাৰ আলী মোল্লাৰ ফৈদৰ ওপৰত লাঠি, খুকুৰী আৰু বিভিন্ন চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

আক্ৰমণৰ ফলত এটা ফৈদৰ আজাহাৰ আলী মোল্লা (৫৫), ছলেমান মোল্লা (২১), ছাহাজুদ্দিন শ্বেখ(৩৫), ছৈয়দ আলী(৬০), ৰেজিয়া বিবি(৪০) আৰু আজগৰ মোল্লা (১৮) আহত হয়। ইফালে উক্ত খণ্ডযুদ্ধৰ ফলত আনটো ফৈদৰ ইনতাজ আলী আৰু জাহানুদ্দিন শ্বেখ নামৰ লোক দুজনো আহত হয়। পিছত আহত আঠজনকে তামাৰহাট প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়। তামাৰহাট প্ৰাথমিক চিকিৎসালয়ত আহত আঠজনৰে চিকিৎসা কৰা হয় যদিও ছলেমান মোল্লা, ছাহাজুদ্দিন শ্বেখ, ইনতাজ আলী আৰু জাহানুদ্দিন শ্বেখৰ অৱস্থা সংকটজনক হোৱাত চাৰিওজনকে উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আনহাতে মাৰপিটৰ ঘটনা প্ৰত্যক্ষ কৰি বৈঠকত থকা মুৰব্বীসকলে তামাৰহাট থানাত খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ছিদ্দিক শ্বেখৰ ফৈদৰ ইনামুল হক আৰু জাহিদুল আলীক আটক কৰি থানালৈ লৈ যায়। পিছত ঘটনা সংক্ৰান্তত আজাহাৰ আলী মোল্লাই আনটো ফৈদৰ মুঠ বাৰজন লোকৰ নামত তামাৰহাট থানাত এখন ইজাহাৰ দাখিল কৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি