সংঘৰ্ষত গুৰুতৰ ভাবে আহত হৈছে বজৰং দলৰ কৰ্মী। সংঘৰ্ষত গুৰুতৰ ভাবে আহত হৈছে বজৰং দলৰ কৰ্মী। ৰাম মন্দিৰৰ ভূমি পূজনৰ দিনাই শোণিতপুৰত উত্তপ্ত পৰিস্থিতি। ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ভৰাশিমলুত সংঘটিত হৈছে এই ঘটনা ৷ দুটা ফৈদৰ মাজত হঠাত্ সৃষ্টি হৈছে তীব্ৰ সংঘাত। অৱশ্যে কি কাৰণত এই ঘটনা সংঘটিত হৈছে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।
জানিব পৰা মতে, ঠালামৰাৰ গৰুডুবা হৰগৌৰী মন্দিৰলৈ ৰেলী কৰি গৈ থকা অৱস্থাত বজৰং দলৰ কৰ্মীৰ ওপৰত জপিয়াই কৰে একাংশ লোক। লগে লগে দুয়ো পক্ষৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাত। একাংশ উত্তেজিত লোকে জ্বলাই দিয়ে কেইবাখনো বাহন। পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠী চালনা আৰু শূন্যলৈ গুলী চলাব লগীয়া হয়।
ইফালে আজি সন্ধিয়া একাংশ দুস্কৃতিকাৰীয়ে আক্ৰমণৰ অপচেষ্টা কৰে শোণিতপুৰৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙক। মটৰ চাইকেল দুৰ্ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা একাংশৰ। ইফালে ঘটনাৰ পিছতে সান্ধ্য আইন বলৱত্ কৰাৰ ইংগিত জিলা উপায়ুক্তৰ।
ৰাম মন্দিৰৰ শিলান্যাসৰ দিনটোতে শোণিতপুৰ জিলাত সৃষ্টি হোৱা এনে ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জিলা উপায়ুক্তই সকলোকে সংযম হৈ শান্তি-শৃংখলা অটুত ৰাখিবলৈ আহ্বান জনাইছে।
Published by: Himangshu Bhuyan
First published: August 05, 2020, 22:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|