உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হোজাইত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ ৰূপ, দা–লাঠী লৈ আক্ৰমণ, দুজনক গ্ৰেপ্তাৰ

    হোজাইত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ ৰূপ, দা–লাঠী লৈ আক্ৰমণ, দুজনক গ্ৰেপ্তাৰ

    দুৰ্বৃত্তই পৰিয়াল দুটাৰ সদস্যক মাৰপিট  কৰি ঘৰৰ বয়বস্তু  লণ্ডভণ্ড কৰি সা–সামগ্ৰী লুটি নিয়া বুলিও অভিযোগ কৰিছে।

    দুৰ্বৃত্তই পৰিয়াল দুটাৰ সদস্যক মাৰপিট  কৰি ঘৰৰ বয়বস্তু  লণ্ডভণ্ড কৰি সা–সামগ্ৰী লুটি নিয়া বুলিও অভিযোগ কৰিছে।

    দুৰ্বৃত্তই পৰিয়াল দুটাৰ সদস্যক মাৰপিট  কৰি ঘৰৰ বয়বস্তু  লণ্ডভণ্ড কৰি সা–সামগ্ৰী লুটি নিয়া বুলিও অভিযোগ কৰিছে।

    • Share this:
    হোজাইত ভূমিকেন্দ্ৰিক সংঘাতে লৈছে ভয়ংকৰ ৰূপ। পুৱতিনিশা হাতত দা–লাঠী লৈ এটা পক্ষই আনটো পক্ষৰ ঘৰত চলালে ভয়ংকৰ আক্ৰমণ। উল্লেখযোগ্য যে হোজাইৰ পুৰণি বজাৰ কৃষ্ণহলৰ সমীপত প্ৰায় আধা বিঘা ভূমিক লৈ দুটা পক্ষৰ মাজত বহুদিনৰ পৰা চলি আছিল সংঘাত। সুৰজ প্ৰসাদ, ৰাজবালি ৰায়ৰ পক্ষৰ সৈতে উপেন্দ্ৰনাথ ওজাৰ মাজত চলি আহিছিল সংঘাত। ইয়াৰ মাজতে আজি পুৱতি নিশা  ২০/২৫ জনীয়া দুৰ্বৃত্তৰ দলে সুৰজ প্ৰসাদ আৰু ৰাজবালি ৰায় থকা দোকান আৰু ঘৰত আক্ৰমণ চলাই পৰিয়াল দুটাক উক্ত মাটি এৰি গুচি যাবলৈ ভাবুকি দিয়ে।

    দুৰ্বৃত্তই পৰিয়াল দুটাৰ সদস্যক মাৰপিট  কৰি ঘৰৰ বয়বস্তু  লণ্ডভণ্ড কৰি সা–সামগ্ৰী লুটি নিয়া বুলিও অভিযোগ কৰিছে। ইপিনে দুৰ্বৃত্তই তাণ্ডৱ চলোৱাৰ কিছু দৃশ্য বন্দী হৈ ৰৈছে চিচিটিভি কেমেৰাত।

    অন্যহাতে, নিশাই আৰক্ষী উপস্থিত হৈ আক্ৰমণকাৰী দলটোৰ উপেন্দ্ৰ ওজা আৰু আব্দুল ৰহমানক  কৰে গ্ৰেপ্তাৰ। সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত থকা উপেন্দ্ৰ ওজাই ৰাজবালি ৰায় আৰু সুৰজ প্ৰসাদৰ ঘৰত আক্ৰমণ চালোৱা বুলি স্বীকাৰ কৰিছে। পৰিয়াল দুটাক তাৰ  পৰা উঠাবলৈ ঘৰত আক্ৰমণ কৰা বুলিও স্বীকাৰ কৰিছে। ইপিনে উক্ত মাটি–বাৰীকেন্দ্ৰিক সংঘাতক ডকাইতৰ ঘটনা বুলি জিলাখনত বিয়পি পৰাত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল‍্যৰ।
    Published by:Sanjay Kumar Das
    First published: