• Home
  • »
  • News
  • »
  • assam
  • »
  • লংকাত মাৰপিটক লৈ বিজেপিৰ দুই নেতাক আটক, দুয়োজনে ইজনে সিজনৰ বিৰুদ্ধে তৰিলে গোচৰ

লংকাত মাৰপিটক লৈ বিজেপিৰ দুই নেতাক আটক, দুয়োজনে ইজনে সিজনৰ বিৰুদ্ধে তৰিলে গোচৰ

ঘটনাৰ প্ৰকৃত কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও উক্ত মাৰপিটৰ ঘটনাত আহত হৈছে বিজেপিৰ দুই নেতাসহ আন কেইজনমান লোক।

ঘটনাৰ প্ৰকৃত কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও উক্ত মাৰপিটৰ ঘটনাত আহত হৈছে বিজেপিৰ দুই নেতাসহ আন কেইজনমান লোক।

ঘটনাৰ প্ৰকৃত কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও উক্ত মাৰপিটৰ ঘটনাত আহত হৈছে বিজেপিৰ দুই নেতাসহ আন কেইজনমান লোক।

  • Share this:
হোজাই জিলাৰ ভালুকমাৰীত নিশা বিজেপিৰ দুই নেতাৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হোৱাত সৃষ্টি হৈছে চাঞ্চল্যৰ। মাৰপিটত লিপ্ত হ’ল জিলা কিষাণ মৰ্চাৰ উপ–সভাপতি মাণিক গোস্বামী আৰু প্ৰাক্তন জিলা সম্পাদক ৰাজেশ চৌবে। এগৰাকী মহিলাৰ সৈতে চলা ভূমি বিবাদ সংক্ৰান্তত ৰাজেশ চৌবেৰ বিৰুদ্ধে মাণিক গোস্বামীয়ে আৰক্ষীক সাক্ষ্য দিয়াত  মাণিক গোস্বামীক আক্ৰমণ কৰাৰ অভিযোগ কৰিছে গোস্বামীয়ে।

আনহাতে, ৰাজেশ চৌবে ঘৰমুৱা হোৱাৰ সময়ত অজ্ঞাত কাৰণত  মানিক গোস্বামীয়ে দলবদ্ধ আক্ৰমণ চলোৱা বুলি অভিযোগ কৰি ৰাজেশ চৌবেই ৰুজু কৰিছে গোচৰ। মুঠৰ ওপৰত ঘটনাৰ প্ৰকৃত কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও উক্ত মাৰপিটৰ ঘটনাত আহত হৈছে বিজেপিৰ দুই নেতাসহ আন কেইজনমান লোক।

ইফালে ঘটনা সংক্ৰান্তত বিজেপিৰ দুই নেতাই পৰস্পৰৰ বিৰুদ্ধে গোচৰ দাখিল কৰাত লংকা আৰক্ষীয়ে নিশাই দুই বিজেপি নেতাক আটক কৰি ঘটনাৰ প্ৰকৃত কাৰণ উদঘাটন কৰিবলৈ চলাই আছে তদন্ত। লক্ষণীয় যে ঘটনাটোত কোন দোষী কোন নিৰ্দোষী সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব যদিও বিজেপিৰ দুই নেতাৰ মুকলি সংঘাতক লৈ হোজাই জিলাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি