আচলতে কি হৈছিল ৰূপহীহাটত? কিয় আৰক্ষী আৰু ৰাইজৰ মাজত হৈছিল প্ৰচণ্ড সংঘাত?

News18 Assam | News18-Assam
Updated:June 10, 2021, 9:00 AM IST
আচলতে কি হৈছিল ৰূপহীহাটত? কিয় আৰক্ষী আৰু ৰাইজৰ মাজত হৈছিল প্ৰচণ্ড সংঘাত?
আৰক্ষীৰ দল দেখি পলায়ন কৰা ছৈয়দ আখতাৰ নামৰ যুৱকজনে এখন বিলত জাঁপ দিয়ে। কিন্তু সাঁতুৰিব নজনা যুৱকজনে কৰুণভাৱে মৃত্যুক সাবটি লয়।

আৰক্ষীৰ দল দেখি পলায়ন কৰা ছৈয়দ আখতাৰ নামৰ যুৱকজনে এখন বিলত জাঁপ দিয়ে। কিন্তু সাঁতুৰিব নজনা যুৱকজনে কৰুণভাৱে মৃত্যুক সাবটি লয়।

  • Share this:
এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে উত্তপ্ত হৈ পৰে নগাঁৱৰ ৰূপহীহাট। জানিব পৰা মতে, ৰূপহীৰ গেৰেকীগাঁৱত বুধবাৰে আবেলি একাংশ যুৱকে ক্ৰিক্ৰেট খেলৰ আয়োজন কৰিছিল। কিন্তু সান্ধ্য আইন চলি থকাৰ মাজত ক্ৰিক্ৰেট খেল চলি থকাৰ খবৰ পাই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱকৰ দলটোক ছত্ৰভংগ দিয়াবলৈ লাঠীচালনা কৰে। আৰক্ষীৰ দল দেখি পলায়ন কৰা ছৈয়দ আখতাৰ নামৰ যুৱকজনে এখন বিলত জাঁপ দিয়ে। কিন্তু সাঁতুৰিব নজনা যুৱকজনে কৰুণভাৱে মৃত্যুক সাবটি লয়।

ইয়াৰ পিছতে স্থানীয় ৰাইজে ৰূপহীহাট আৰক্ষী থানা ঘেৰাও কৰি আৰক্ষীৰ দলটোৰ শাস্তিৰ দাবীত থানা ঘেৰাও কৰে। প্ৰতিবাদী ৰাইজ আৰু আৰক্ষীৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়। হঠাৎ প্ৰতিবাদী ৰাইজৰ মাজৰ পৰা একাংশই শিলগুটি নিক্ষেপ কৰাৰ লগতে থানাত আক্ৰমণৰ চেষ্টা কৰে। পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে শূণ্যলৈ গুলীচালনাও কৰে। আৰক্ষীৰ এই কাৰ্যত ক্ষোভিত হৈ পৰা ৰাইজে আৰক্ষীৰ ৪খন বাহন ভাঙি চুৰমাৰ কৰে।

ৰাইজে আনকি এখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰো ক্ষতিসাধন কৰে। ইয়াৰ পিছতে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত) মানস শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে উত্তেজিত জনতাক নিয়ন্ত্ৰন কৰিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে সমবেত ৰাইজক ছত্ৰভংগ দিয়াবলৈ সক্ষম হয়। ঘটনাত আৰক্ষীৰ এজন লোক আহত হোৱাৰ লগতে আৰক্ষীয়ে এই ঘটনাত জড়িত কেইবাজনো যুৱকক আটক কৰিছে।
Published by: Sanjay Kumar Das
First published: June 10, 2021, 9:00 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি