হাজোত গৰু চোৰৰ দললৈ আৰক্ষীৰ গুলীচালনা, জালত এটা কুখ্যাত গৰু চোৰ

News18 Assam | News18-Assam
Updated:June 11, 2020, 10:51 AM IST
হাজোত গৰু চোৰৰ দললৈ আৰক্ষীৰ গুলীচালনা, জালত এটা কুখ্যাত গৰু চোৰ
আৰক্ষীয়ে জব্দ কৰিছে AS-01-BJ-5683 নম্বৰৰ Mahindra Quanto গাড়ীৰ লগতে গাড়ীৰ ভিতৰত থকা তিনিটাকৈ গৰু।

আৰক্ষীয়ে জব্দ কৰিছে AS-01-BJ-5683 নম্বৰৰ Mahindra Quanto গাড়ীৰ লগতে গাড়ীৰ ভিতৰত থকা তিনিটাকৈ গৰু।

  • Share this:
হাজোৰ সাতদলা আদালতৰ সন্মুখত নিশা ভয়ংকৰ পৰিস্থিতি। গৰু চোৰৰ দলৰ সৈতে হাজো আৰক্ষীৰ খেদা খেদি। এখন Mahindra Quanto গাড়ী লৈ আহিছিল গৰু চোৰ। গাড়ীৰ ভিতৰত আছিল তিনিটা গৰু। নিশা আৰক্ষীৰ গাড়ী দেখি প্ৰথমে গৰু চোৰৰ দলটোৱে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলায় আৰু তাৰ পিছতেই পলাবলৈ চেষ্টা কৰোতে গৰু চোৰৰ গাড়ীলৈ আৰক্ষীয়ে গুলীবৰ্ষণ কৰে। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে AS-01-BJ-5683 নম্বৰৰ Mahindra Quanto গাড়ীৰ লগতে গাড়ীৰ ভিতৰত থকা তিনিটাকৈ গৰু। গ্ৰেপ্তাৰ হৈছে জাকিৰ আলী নামৰ কুখ্যাত গৰু চোৰটো।
First published: June 11, 2020, 10:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading