உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ভূপেন বৰা–পীযূষ হাজৰিকাৰ বাকযুদ্ধ, পীযূষ হাজৰিকাই ক’লে – ‘ভূপেন বৰাৰ নাম দিব পাৰি প্ৰেছমীট বৰা’

    ভূপেন বৰা–পীযূষ হাজৰিকাৰ বাকযুদ্ধ, পীযূষ হাজৰিকাই ক’লে – ‘ভূপেন বৰাৰ নাম দিব পাৰি প্ৰেছমীট বৰা’

    বিজেপিক সমালোচনা কৰি ভূপেন বৰাই কয়, বৰ্তমান ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা কি সকলোৱে জানে। ঋণ লৈ চলিবলগীয়া হৈছে।

    বিজেপিক সমালোচনা কৰি ভূপেন বৰাই কয়, বৰ্তমান ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা কি সকলোৱে জানে। ঋণ লৈ চলিবলগীয়া হৈছে।

    বিজেপিক সমালোচনা কৰি ভূপেন বৰাই কয়, বৰ্তমান ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা কি সকলোৱে জানে। ঋণ লৈ চলিবলগীয়া হৈছে।

    • Share this:
    শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু মন্ত্ৰী পীযূষ হাজৰিকাৰ মাজত চলিছে বাকযুদ্ধ। শেহতীয়াকৈ গণৰাজ্য দিৱসত ভূপেন বৰাই লিখা এটা কবিতাও হৈ পৰিছে বাকযুদ্ধৰ কেন্দ্ৰবিন্দু। আজি সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয়, ‘‘মই কবিতা লিখিছো, ৰাইজে ভাল পাইছে। বিজেপিয়ে বেয়া পোৱাটো স্বাভাৱিক।’’ পীযূষ হাজৰিকাই কংগ্ৰেছক সমালোচনা কৰাক লৈ ভূপেন বৰাই কয়, ‘‘পীয়ুষ হাজৰিকাৰ দেউতাক আজন্ম কংগ্ৰেছী, দেউতাকৰ মৃতদেহৰ ওপৰতো কংগ্ৰেছৰ পতাকা পাৰি দিয়া হৈছিল, কংগ্ৰেছৰ ৮০% চোৰ-ডকাইত বুলি কৈ পিতৃৰ আত্মাকো আঘাত দিছে পীযূষ হাজৰিকাই। মুখ্যমন্ত্ৰীৰ ভালৰ কাৰণে ৰাজ্যত জ্বলি থকা জুই দেখুৱাই দিছো কবিতাৰ মাধ্যমেৰে। মই ছাত্ৰ অৱস্থাত সাহিত্য চৰ্চা কৰিছিলো, কিন্তু এই কবিতাটোৰ বাবে বহুতে মোক কবি বুলি সম্বোধন কৰিছে, ভাল পাইছো। ৰাজনীতিৰ পাছত কবিতা চৰ্চা পুনৰ আৰম্ভ কৰিম।’’

    বিজেপিক সমালোচনা কৰি ভূপেন বৰাই কয়, বৰ্তমান ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা কি সকলোৱে জানে। ঋণ লৈ চলিবলগীয়া হৈছে। বেলেগ দলত বিনিয়োগ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, গতিকে মন্ত্ৰীসকলৰ পুঁজিৰ বাবে ধন ক'ত থাকিব।

    বিজেপিয়ে বিধানসভা নিৰ্বাচনতো ১০০+ বুলি কৈছিল, একেদৰে ৰাজ্যসভাৰো দুখন আসনেই পাম বুলি কৈছে। ৰাজ্যসভাৰ নিৰ্বাচন প্ৰতিগৰাকী বিধায়কৰ বাবে অগ্নিপৰীক্ষা, বিৰোধী একগোট হৈ অগ্নিপৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে বুলিও মন্তব্য কৰে ভূপেন বৰাই।

    ইফালে, মন্ত্ৰী পীযূষ হাজৰিকাই কয়, ‘‘দহ বছৰ আগৰ আৰু আজিৰ কংগ্ৰেছৰ মাজত আকাশ–পাতাল পাৰ্থক্য আছে। সেই কথা ভূপেন বৰাই অস্বীকাৰ কৰি লাভ নাই। ভূপেন বৰাই য'ত চোৰ ডকাইত ধৰে তাত গৈ চোলা ফালে। ভূপেন বৰাই দিনটোত তিনিখনকৈ প্ৰেছ মীট দিয়ে, প্ৰেছ মীট বৰাহে নাম দিব পাৰি ভূপেন বৰাক। এতিয়ালৈকে কমিটীখনকে গঠন কৰিব নোৱাৰা ভূপেন বৰাই কি ৰাজ্য চলাব? চোৰ, ডকাইত, ধৰ্ষণকাৰী, দেখলকাৰীৰ হৈ মাত মতা ভূপেন বৰাই চৰকাৰ কৰিলে সেইসকলৰ মনোবলহে বৃদ্ধি কৰিব। পানীবিহীন ফায়াৰ ব্ৰীগেড ভূপেন বৰাই দুষ্কৃতিকাৰীৰ হৈ মাত মতা বন্ধ কৰক। নিজৰ সমষ্টিতে খিলঞ্জীয়াৰ ভোট নোপোৱা হ'ল ভূপেন বৰাই।

    ‘‘মোৰ পিতৃ জীয়াই থকা হ'লে পিতৃয়েও বৰ্তমানৰ কংগ্ৰেছক বুজি পালেহেঁতেন। মোৰ পিতৃয়ে আজিৰ কংগ্ৰেছক দেখি দুখ কৰিলে হেঁতেন। কংগ্ৰেছৰ সমৰ্থক কোন মই নামবোৰ ক'ব লাগিব নেকি?’’ – মন্তব্য পীযূষ হাজৰিকাৰ।
    Published by:Sanjay Kumar Das
    First published: