নগাঁৱৰ দুখনকৈ শিক্ষানুষ্ঠানৰ ছাত্ৰৰ মাজত হোৱা সংঘাতৰ ফলত বৃহস্পতিবাৰে নিশা উত্তপ্ত হৈ পৰে নগাঁও চহৰৰ পানীগাঁও চাৰিআলি। নগাঁও পলিটেকনিক আৰু নগাঁও আইটিআইৰ ছাত্ৰৰ মাজত হোৱা সংঘাতৰ পৰিণতিত আহত হয় তিনিজনকৈ ছাত্ৰ।
নগাঁও আইটিআইৰ বিকাশ বৰদলৈ নামৰ এজন ছাত্ৰক নগাঁও পলিটেকনিকৰ ছাত্ৰই প্ৰহাৰ কৰাক লৈয়ে তীব্ৰ সংঘাতৰ সৃষ্টি হয় শিক্ষানুষ্ঠান দুখনৰ ছাত্ৰৰ মাজত। জানিব পৰা মতে, বিকাশ বৰদলৈক পানীগাঁও চাৰিআলিত নগাঁও পলিটেকনিকৰ কেইজনমান ছাত্ৰই প্ৰহাৰ কৰে।
ইয়াৰ পিছতে আইটিআইৰ ছাত্ৰাৱাসৰ পৰাও বহু ছাত্ৰ প্ৰত্যাক্ৰমণৰ বাবে পানীগাঁও চাৰিআলিত উপস্থিত হয়। উত্তেজিত ছাত্ৰ সকলে নগাঁও টাউন ইটাচালি আৰক্ষী চকীত উপস্থিত হৈ পৰিস্থিতি উত্তাল কৰি তোলে।
উত্তেজিত ছাত্ৰসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে মৃদু লাঠীচালনা কৰিবলৈকো বাধ্য হয়। দুয়োপক্ষৰ সংঘাতত দেৱাশীষ গগৈ আৰু অৰিন্দম গগৈ নামৰ আন দুজন ছাত্ৰও আহত হয়।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 10, 2022, 14:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।