আহত আব্দুল আলী পূৰ্বতে আৰক্ষীত কৰ্মৰত আছিল আৰু আৰক্ষীত থকা অৱস্থাতো তেওঁ বহু অপৰাধজনিত ঘটনাত জড়িত হৈ পৰিছিল।
আহত আব্দুল আলী পূৰ্বতে আৰক্ষীত কৰ্মৰত আছিল আৰু আৰক্ষীত থকা অৱস্থাতো তেওঁ বহু অপৰাধজনিত ঘটনাত জড়িত হৈ পৰিছিল।
ড্ৰাগছ মাফিয়াৰ ৰম্যভূমিত পৰিণত হৈছে এতিয়া নগাঁও চহৰ। নগাঁও চহৰৰ মাজমজিয়াৰ সদাব্যস্ত অঞ্চল বৰবজাৰত দিন দুপৰতে আৰক্ষী আৰু অপৰাধীৰ মাজত হতাহতিৰ সৃষ্টি হয়। আব্দুল আলী নামৰ এটা ড্ৰাগছ মাফিয়াই আৰক্ষীৰ এটা তিনিজনীয়া দলৰ সৈতে হতাহতিত লিপ্ত হয়।
আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, আব্দুল আলীয়ে বণিয়া নামৰ আৰক্ষী বিষয়াগৰাকীৰ পৰা মাৰপিট কৰি পিষ্টল কাঢ়ি নিয়াৰো চেষ্টা কৰে। অৱশেষত উপায়ন্তৰ হৈ আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।
ইতিমধ্যে, ভৰিত গুলী লাগি আহত হোৱা আব্দুল আলীক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। উল্লেখযোগ্য যে আহত আব্দুল আলী পূৰ্বতে আৰক্ষীত কৰ্মৰত আছিল আৰু আৰক্ষীত থকা অৱস্থাতো তেওঁ বহু অপৰাধজনিত ঘটনাত জড়িত হৈ পৰিছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|