মুখ্যপৃষ্ঠা »খবৰ »অসম »শিৱসাগৰৰ ডিমৌত চি আৰ পি এফৰ সৈতে বন্ধ সমৰ্থনকাৰীৰ হতাহতি

শিৱসাগৰৰ ডিমৌত চি আৰ পি এফৰ সৈতে বন্ধ সমৰ্থনকাৰীৰ হতাহতি

CAB বাতিলৰ দাবীত আছু, ৩০ জনগোষ্ঠীয় সংগঠনসহ NESO–এ আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম আৰু উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে শিৱসাগৰ জিলাৰ ডিমৌ নগৰত।

CAB বাতিলৰ দাবীত আছু, ৩০ জনগোষ্ঠীয় সংগঠনসহ NESO–এ আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম আৰু উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে শিৱসাগৰ জিলাৰ ডিমৌ নগৰত।

  • Share this:
ডিমৌত অৰ্ধসামৰিক বাহিনীৰ সৈতে খণ্ডযুদ্ধ বন্ধ সমৰ্থকৰ। আছুসহ ৩০ সংগঠনৰ সৈতে নেছ’ই আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ মাজতে ডিমৌত পুৱাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই আছু কৰ্মীসকলে প্ৰতিবাদ কৰি থকাৰ সময়তে শিৱসাগৰ দিশৰ পৰা ডিব্ৰুগড় অভিমুখী চি আৰ পি এফৰ এখন বাহন চলাচলত বাধা দিওতেই দুই পক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়। অৱশেষত প্ৰতিবাদকাৰীসকলৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হল চি আৰ পি এফৰ দলটোৱে।

ইফালে, CAB বাতিলৰ দাবীত আছু, ৩০ জনগোষ্ঠীয় সংগঠনসহ NESO–এ আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম আৰু উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে শিৱসাগৰ জিলাৰ ডিমৌ নগৰত। ডিমৌৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আছুৰ ডিমৌ আঞ্চলিক সমিতিৰ সদস্যসকলে ৰাজপথত টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পুৱাই উত্তাল কৰি তোলে পৰিৱেশ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

শেহতীয়া বাতৰি