হাইলাকান্দিত AIUDF আৰু AGP কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিট

দুয়োটা পক্ষই নিজাববীয়াকৈ পাঁচগ্ৰাম আৰক্ষী চকীত গোচৰ ৰুজু কৰে।
দুয়োটা পক্ষই নিজাববীয়াকৈ পাঁচগ্ৰাম আৰক্ষী চকীত গোচৰ ৰুজু কৰে।
- News18 Assam
- Last Updated: July 28, 2020, 11:48 PM IST
কিন্তু AIUDF দলৰ কৰ্মীসকলে সহ্য কৰিব নোৱাৰিলে নিজ বিধায়কৰ অপমান। ফলতে AIUDF আৰু AGP কৰ্মীৰ মাজত প্ৰথমে সৃষ্টি হয় তীব্ৰ বাক–বিতণ্ডাৰ। লাহে লাহে বাক–বিতণ্ডাই ৰূপ লয় সংঘাতৰ। মুহুৰ্তৰ মাজতে দুই দলৰ কৰ্মীৰ মাজতে সৃষ্টি হয় তীব্ৰ মাৰপিট। ফলতে আঘাতপ্ৰাপ্ত হয় দুয়োটা দলৰ কৰ্মী। AGP দলৰ কৰ্মীৰ অভিযোগ, আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ নিৰ্দেশত AIUDFৰ কৰ্মীয়ে আক্ৰমণ কৰে তেওঁলোকৰ ওপৰত।
আনহাতে AIUDF দলৰ কৰ্মীয়ে অভিযোগ উত্থাপন কৰে যে AGP দলৰ শীৰ্ষ নেতাৰ নিৰ্দেশত AGP দলৰ কৰ্মীয়ে আক্ৰমণ চলাই AIUDFৰ কৰ্মীৰ ওপৰত। দুয়োটা পক্ষই নিজাববীয়াকৈ পাঁচগ্ৰাম আৰক্ষী চকীত গোচৰ ৰুজু কৰে। বৰ্তমানে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।