চৰকাৰী বন্ধৰ অধিসূচনা সংক্রান্তত জাৰি কৰা শুধৰণিৰ বিষয়ে সামাজিক মাধ্যমত ভুলকৈ চর্চা হোৱাত প্রশাসনে বন্ধ সম্পর্কত পুনৰ এক শুধৰণি অধিসূচনা জাৰি কৰিছে।
পূর্বে প্রকাশিত বন্ধৰ তালিকাত ঈদ-উল-ফিটৰ গ্রেগৰিয়ান কেলেণ্ডাৰ মতে ১০ জুলাই, ২০২২ আৰু অসমীয়া কেলেণ্ডাৰ (ভাস্কৰাব্দ) অনুসৰি ২৪ আহাৰত বুলি প্রকাশ পাইছিল। নতুনকৈ জাৰি কৰা অধিসূচনাত স্পষ্ট কৰি দিয়ে যে অসমীয়া তাৰিখটো ২৪ আহাৰৰ পৰিৱর্তে ২৫ আহাৰ হ’ব (Government Holidays)।
বিজ্ঞাপন
আনহাতে সীমিত বন্ধৰ ক্ষেত্ৰত ২০ জুনৰ বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিৱসটি অসমীয়াত ৪ আহাৰৰ পৰিৱৰ্তে ৫ আহাৰ, ৩০ জুনৰ হুল দিৱসটো অসমীয়াৰ ১৪ আহাৰৰ পৰিৱৰ্তে ১৫ আহাৰ আৰু ১৩ জুলাইৰ নেপালী কবি ভানু ভক্ত আচার্যৰ জন্ম দিৱসটি অসমীয়াৰ ২৭ আহাৰৰ পৰিৱৰ্তে ২৮ আহাৰ হ’ব লাগে বুলি অধিসূচনাত উল্লেখ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :