অযোধ্যাৰ ভূমি বিবাদৰ ৰায়দানৰ এদিন পিছতে আজি অসমলৈ আহিব CJI ৰঞ্জন গগৈ

কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি অসমলৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী

News18-Assam
Updated:November 10, 2019, 8:19 AM IST
অযোধ্যাৰ ভূমি বিবাদৰ ৰায়দানৰ এদিন পিছতে আজি অসমলৈ আহিব CJI ৰঞ্জন গগৈ
কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি অসমলৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী
News18-Assam
Updated: November 10, 2019, 8:19 AM IST
শনিবাৰে অযোধ্যাৰ ভূমি বিবাদৰ চূড়ান্ত ৰায় প্ৰদান কৰাৰ এদিন পিছত অৰ্থাৎ দেওবাৰে অসমলৈ আহিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৰঞ্জন গগৈ দিল্লীৰ পৰা বাহিৰে বাহিৰে ডিব্ৰুগড়লৈ যাব। পিছত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহিব গগৈ। বিয়লি গুৱহাটী মাছখোৱাৰ ITI চেণ্টাৰত এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাগ ল’ব মুখ্য ন্যায়াধীশগৰাকীয়ে।

উল্লেখযোগ্য যে, শনিবাৰৰ ৰাম জন্মভূমিক লৈ ঐতিহাসিক ৰায়দানৰ পিছতে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে গগৈৰ নিৰাপত্তা।জেদ প্লাছলৈ উন্নীত কৰা হ’ল দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নিৰাপত্তা ব্যৱস্থা।একেসময়তে Y ৰ পৰা Y + লৈ উন্নীত কৰা হ’ল সাংবিধানিক বিচাৰপীঠৰ পাঁচজনীয়া সদস্যৰ আন পাঁচজন ন্যায়াধীশৰ নিৰাপত্তা ব্যৱস্থাৰো।

 

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি