বাদ পৰা নাই পুৰোহিত-আৰক্ষী, মাস্ক নিপিন্ধিলে ৫০০ টকাৰ জৰিমনা

News18 Assam | News18-Assam
Updated:September 17, 2020, 12:42 PM IST
বাদ পৰা নাই পুৰোহিত-আৰক্ষী, মাস্ক নিপিন্ধিলে ৫০০ টকাৰ জৰিমনা
কামাখ্যা গে’টৰ বিশ্বকৰ্মা মন্দিৰৰ সমীপত চলিল আৰক্ষীৰ অভিযান৷

কামাখ্যা গে’টৰ বিশ্বকৰ্মা মন্দিৰৰ সমীপত চলিল আৰক্ষীৰ অভিযান৷

  • News18 Assam
  • Last Updated: September 17, 2020, 12:42 PM IST
  • Share this:
ৰাজ্যত অব্যাহত আছে কোৰোণা মহামাৰীৰ প্ৰকোপ৷ শেহতীয়াকৈ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্ত তথা মৃতকৰ সংখ্যা৷ তেনে সময়তে বিশেষকৈ কঠোৰ হৈছে মহানগৰ আৰক্ষী৷ যি লোকে মাস্ক পৰিধান কৰা নাই তেওঁলোকক বিহিছে জৰিমনা।

আজি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা৷ পূজাৰ এই দিনটোত বহুতে পূজাৰ বাবে ওলাই আহিছে৷ পিছে, বহুতেই পাহৰিলে মাস্ক পৰিধান কৰিবলৈ৷ তেনে সময়তে কামাখ্যা গে’টৰ বিশ্বকৰ্মা মন্দিৰৰ সমীপত চলিল আৰক্ষীৰ অভিযান৷ আৰক্ষীৰ অভিযানৰ পৰা সাৰি নগ’ল ভক্ত, পুৰোহিত অথবা কৰ্তব্যৰত আৰক্ষীও৷ মাস্ক নিপিন্ধা লোকক বিহিলে ৫০০ টকাৰ জৰিমনা৷
Published by: Sanjay Kumar Das
First published: September 17, 2020, 12:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading