মুখ্যপৃষ্ঠা »খবৰ »অসম »গুৱাহাটী ৰাজপথত হঠাৎ চিঠি বাছৰ অভাৱ; জিলা পৰিবহন বিভাগে ৬০ খন চিটি বাছ জব্দ কৰাক লৈ চালক-হেণ্ডিমেনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া

গুৱাহাটী ৰাজপথত হঠাৎ চিঠি বাছৰ অভাৱ; জিলা পৰিবহন বিভাগে ৬০ খন চিটি বাছ জব্দ কৰাক লৈ চালক-হেণ্ডিমেনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজহ সংগ্ৰহৰ উদ্দেশ্যেৰে যধে-মধে বাহনক জৰিমনা বিহাৰ লগতে ৬০খন বাছ পৰিবহন বিভাগে জব্দ কৰি থৈছে বুলি অভিযোগ উত্থাপন হৈছে

  • Share this:
আজি গুৱাহাটী মহানগৰীত চিঠি বাছৰ চলাচল সেৰেঙা। কাৰণ, জিলা পৰিবহন বিভাগে শুকুৰবাৰে ৬০ খনকৈ চিটি বাছ জব্দ কৰাৰ বাবে মহানগৰীত চিটি বাছ কমকৈ চলিছে। কালি চিটি বাছসমূহ জব্দ কৰাৰ পিছতেই জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ৰাজহ সংগ্ৰহৰ উদ্দেশ্যেৰে যধে-মধে বাহনক জৰিমনা বিহাৰ লগতে ৬০খন বাছ পৰিবহন বিভাগে জব্দ কৰি থৈছে বুলি অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত চিটি বাছ ৰৈ আছে কিন্তু মহানগৰীৰ ৰাজপথত চিটি বাছ চলা নাই। ইয়াৰ ফলত প্ৰতিদিনে চিটি বাছেৰে অহা–যোৱা কৰা যাত্ৰীসকলে আজি সমস্যাত ভুগিছে।

সকলো প্ৰয়োজনীয় নথিপত্ৰ থকাৰ পিছতো বাহন জব্দ কৰাক লৈ চিটি বাছৰ চালক, হেণ্ডিমেন তথা মালিকসকল বৰ্তমান তীব্ৰ ক্ষোভত হৈ পৰিছে।

ইফালে, জিলা পৰিবহন বিভাগে মেনেজ হৈ ৪ খন চিটী বাছ মুকলি কৰি দিয়া বুলি অভিযোগ উত্থাপন হৈছে যাৰ পিছত বাছৰ চালক, হেণ্ডিমেন আৰু অধিক উত্তেজিত হৈছে।

শেহতীয়া বাতৰি