• Home
  • »
  • News
  • »
  • assam
  • »
  • কি হ’ব ৩০০০ চালক–হেণ্ডিমেনৰ? Unlock 3.Oক লৈ অসন্তুষ্ট গুৱাহাটী চিটী বাছ মালিক সন্থা

কি হ’ব ৩০০০ চালক–হেণ্ডিমেনৰ? Unlock 3.Oক লৈ অসন্তুষ্ট গুৱাহাটী চিটী বাছ মালিক সন্থা

বিগত ৪–৫ মাহে চিটী বাছসমূহ নছলাৰ বাবে মাহেকীয়া বেংকৰ কিষ্টি দিব পৰা নাই মালিকসকলে৷

বিগত ৪–৫ মাহে চিটী বাছসমূহ নছলাৰ বাবে মাহেকীয়া বেংকৰ কিষ্টি দিব পৰা নাই মালিকসকলে৷

বিগত ৪–৫ মাহে চিটী বাছসমূহ নছলাৰ বাবে মাহেকীয়া বেংকৰ কিষ্টি দিব পৰা নাই মালিকসকলে৷

  • Share this:
সমগ্ৰ দেশতে লকডাউন শিথিল কৰাৰ নিৰ্দেশ দিয়াৰ পিছত অসমতো আৰম্ভ Unlock 3.O৷ ৰাজ্য চৰকাৰে Unlock 3.Oত দিলে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, জিম, হোটেল–ৰেস্তোঁৰা খোলাৰ অনুমতি৷ গুৱাহাটীত সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব জিম, শ্বপিং মল, হোটেল, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ৷ কিন্তু ৰাজ্য চৰকাৰে গুৱাহাটীত চিটী বাছ চলাচলৰ অনুমতি নিদিয়াত অসন্তুষ্ট হৈ পৰিছে গুৱহাটী মটৰ পৰিবহণ সন্থা৷

গুৱাহাটীত বৰ্তমান আছে প্ৰায় ৭০০ চিটীবাছ৷ এই বাছসমূহত কাম কৰি ঘৰ চলাি আছে প্ৰায় ৩০০০তকৈ অধিক চালক–হেণ্ডিমেনে৷ কিন্তু বিগত ৫ মাহে চিটী বাছ চলাচল কৰিব নোৱাৰাত বিপদত পৰিছে কৰ্মচাৰী, চিটী বাছৰ মালিকসকল৷ চিটী বাছ চলাচলৰ অনুমতি দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে চিটী বাছ মালিক সন্থাই৷ অন্যথা পানীত হাহঁ নচৰা অৱস্থা হৈছে চিটী বাছৰ মালিক তথা কৰ্মচাৰীৰ৷

এক সংবাদমেল আয়োজন কৰি এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে সদৌ গুৱাহাটী মটৰ পৰিবহণ সন্থাই৷ সংবাদমেলত পৰিবহণ সন্থাই ৰাজ্য চৰকাৰক অনুৰোধ জনায় শীঘ্ৰে চিটী বাছ সেৱা মুকলি কৰি দিয়াৰ বাবে৷ কাৰণ অকল কৰ্মচাৰীৰে নহয়, গভীৰ আৰ্থিক সংকটত পৰিছে চিটী বাছৰ মালিকসকলো৷ কাৰণ বিগত ৪–৫ মাহে চিটী বাছসমূহ নছলাৰ বাবে মাহেকীয়া বেংকৰ কিষ্টি দিব পৰা নাই মালিকসকলে৷ তাৰ সমান্তৰালকৈ একাংশ চিটী বাছৰ কৰ্মচাৰীয়ে অন্যান্য ব্যৱসায় কৰিছে যদিও অধিকাংশই এতিয়াও ধনৰ অভাৱত দিন পাৰ কৰিবলগীয়া হৈছে৷

বৰপেটাত কেইবাজনো বাছৰ কৰ্মচাৰীয়ে আত্মহত্যা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ যাৰ বাবে পৰিবহণ সন্থাই ৰাজ্য চৰকাৰক পুনৰ চিটী বাছসমূহ চলাচলৰ অনুমতি দিয়াৰ বাবে আহ্বান জনাইছে। ৰাজ্য চৰকাৰে যি নীতি–নিয়ম বান্ধি দিয়ে সেই নিয়ম মানিয়ে চলিব চিটী বাছ সেৱা৷ কোভিড–১৯ৰ বিৰুদ্ধে যুঁজত চিটী বাছৰ মালিক–কৰ্মচাৰী সকলোৱে সহযোগ কৰি আহিছে আৰু আগলৈও মানি চলাৰ প্ৰতিশ্ৰুতি দিয়ে৷

আনহাতে, সপ্তাহৰ প্ৰথম দুটা দিনত আন্তঃজিলা অহাযোৱা কৰাৰ ক্ষেত্ৰত অনুমতি দিলেও যাত্ৰীৰ অভাৱ ঘটিছে৷ খানাপাৰাৰ পৰা বৰপেটা অভিমুখে যোৱা বাছৰ পৰিচালকে News18ৰ আগত ভাষ্য দিয়া মতে, বৰপেটাৰ পৰা একেবাৰে কমসংখ্যক যাত্ৰী লাভ কৰিছিল আৰু গুৱাহাটীৰ পৰা উভতি যোৱাৰ সময়ছোৱাত খানাপাৰাৰ পৰা পাইছে মাত্ৰ তিনিজন যাত্ৰী৷ আনহাতে, চিটী বাছেই হওক বা আন আন পৰিবহণ সন্থাই এই ক্ষেত্ৰত কেইবাৰো চৰকাৰক আবেদন কৰিছে যদিও আজিলৈকে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ পৰিবহণ সন্থাৰ৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি