"মূল্যবৃদ্ধি ৰোধ কৰক নহ'লে গাদী এৰক" শ্লোগানেৰে হোজাইত CITUৰ প্ৰতিবাদ।
"মূল্যবৃদ্ধি ৰোধ কৰক নহ'লে গাদী এৰক" শ্লোগানেৰে হোজাইত CITUৰ প্ৰতিবাদ।
ৰাজ্যজুৰি নিত্য আৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হোৱাত সৰ্বসাধাৰণ জনতাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। পেট্ৰ'ল-ডিজেলকে আদি কৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ হোৰাহোৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে CITUৱে।
হোজাইতো মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সোমবাৰে বিয়লি সাব্যস্ত কৰা হয় প্ৰতিবাদ। CITUৰ উদ্যোগত কেইবাটাও শ্ৰমিক সংগঠনে পুৰণি বজাৰ নেতাজী কৰ্ণাৰৰ সমীপত সাব্যস্ত কৰে প্ৰতিবাদ। "মূল্যবৃদ্ধি ৰোধ কৰক নহ'লে গাদী এৰক" শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|