১০ ডিচেম্বৰৰ আগতে আহিব নাগৰিকত্ব সংশোধনী বিধেয়ক৷ সংসদত গৃহীত হয় নহয় পিছৰ কথা কিন্তু ১০ ডিচেম্বৰৰ পূৰ্বে CAB অহাটো খাটাং৷ সোমবাৰে ডিফুত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ মন্ত্ৰী শৰ্মাই লগতে কয় যে অসম চুক্তিৰ ৬নং দফাৰো সংশোধনৰ প্ৰয়োজন আছে৷
হিমন্ত বিশ্ব শৰ্মাই ক’লে – ষষ্ঠ অনুসূচী এলেকাত CABৰ কোনো প্ৰভাৱ নপৰে৷ CAB নহাকৈয়ে কাৰ্বি পাহাৰত কোনো ভাৰতীয় নাগৰিকে আজিৰ তাৰিখতো ভূমিৰ অধিকাৰ পোৱা নাই৷ গতিকে CABৰ জৰিয়তে নাগৰিকত্ব পাই কাৰ্বি আংলং তথা ষষ্ঠ অনুসূচী এলেকাত এনে সুবিধা পোৱাৰ প্ৰশ্নই নুঠে৷
ডিফুত মেডিকেল কলেজ পৰিদৰ্শন কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত এই মন্তব্য ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ৷ পুৱা ডকমকাত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্যৰো বুজ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 02, 2019, 19:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।