মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমৰ জনতা, দল–সংগঠনৰ প্ৰতিবাদ একাষৰীয়া কৰি আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাব নাগৰিকত্ব সংশোধনী বিধেয়কত

অসমৰ জনতা, দল–সংগঠনৰ প্ৰতিবাদ একাষৰীয়া কৰি আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাব নাগৰিকত্ব সংশোধনী বিধেয়কত

আনহাতে, মঙলবাৰে নিশা আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ৬ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে দিল্লীৰ অসম হাউছত অনুষ্ঠিত অমিত শ্বাহৰ বৈঠক বিফল হয়।

আনহাতে, মঙলবাৰে নিশা আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ৬ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে দিল্লীৰ অসম হাউছত অনুষ্ঠিত অমিত শ্বাহৰ বৈঠক বিফল হয়।

  • Share this:
আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাব নাগৰিকত্ব সংশোধনী বিধেয়কত। অসমৰ জনতা, দল–সংগঠনৰ প্ৰতিবাদকো আওকাণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰীয় চৰকাৰ। আজি কেবিনেটে অনুমোদন জনোৱাৰ পিছতে ৯ আৰু ১০ ডিচেম্বৰত লোকসভা আৰু ৰাজ্যসভাত গৃহীত কৰিব বিধেয়কখন। দিল্লীত এই কথা সদৰি কৰিলে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, মঙলবাৰে নিশা আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ৬ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে দিল্লীৰ অসম হাউছত অনুষ্ঠিত অমিত শ্বাহৰ বৈঠক বিফল হয়। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সহমতত উপনীত হ’ব নোৱাৰিলে দুয়োপক্ষ। আটাইকেইটা সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে বৈঠকত।

অসম, মণিপুৰ, নাগালেণ্ডৰ সংগঠনৰ সৈতে অসম হাউছত হোৱা বৈঠকৰ অন্তত পুনৰ হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহে অকলশৰে প্ৰায় এঘণ্টা ধৰি নিশা ২ বজালৈকে বৈঠকত মিলিত হয়। অমিত শ্বাহৰ সৈতে বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক শাসক দলটোৰ CAB গৃহীত কৰাৰ পৰিকল্পনাৰ কথা সদৰী কৰে।

ইফালে, জনগোষ্ঠীয় সংগঠনসমূহক অমিত শ্বাহে জনাজাতিৰ মৰ্যাদা এবছৰৰ ভিতৰত দিব পৰা নাযাব বুলিও স্পষ্টকৈ কয়। মঙলবাৰে গৃহমন্ত্ৰীৰে আলোচনাত মিলিত হোৱা সংগঠনকেইটাই বিধেয়কখনৰ বিৰুদ্ধে তীব্র আন্দোলনৰ হুংকাৰ দিয়ে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

শেহতীয়া বাতৰি