বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ ১১ৰ পৰা ১৩ তাৰিখৰ ভিতৰত ৰাজ্যজুৰি CAAৰ বিৰুদ্ধে হোৱা আন্দোলনত সংঘটিত হৈছিল ব্যাপক হিংসাত্মক ঘটনা৷ য’ত নষ্ট হৈছিল ৰাজ্যজুৰি কেইবাকোটি টকাৰ সা–সম্পত্তি৷ এই ঘটনাৰ পিছতে সমগ্ৰ ৰাজ্যত সংঘটিত হোৱা হিংসাত্মক ঘটনাক লৈ চিআইডিয়ে ৰুজু কৰিছিল ৩০/২০১৯ নম্বৰত গোচৰত৷ এই গোচৰত ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালৰ লগতে কংগ্ৰেছৰ বিগত বিধানসভা নিৰ্বাচনৰ দুলীয়াজান সমষ্টিৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈৰ লগতে লাচিত সেনাৰ নেতা শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিছিল চিআইডিয়ে৷
কোৰোণা মহামাৰীৰ বাবে বন্ধ হৈ আছিল গোচৰৰ তদন্ত প্ৰক্ৰিয়া৷ লকডাউন 4.0 অহাৰ লগে লগে পুনৰ তৎপৰ হৈছে চিআইডি৷ CAA আন্দোলনৰ হিংসাত্মক ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত জেৰাৰ বাবে তলব কৰিলে প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁইৰ লগতে আন ৪ জনক৷
চিআইডিয়ে প্ৰায় ২ ঘণ্টা জেৰা চলোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত বিস্ফোৰন ঘটালে প্ৰাক্তন বিধায়কজনে৷ সমগ্ৰ তদন্ত প্ৰক্ৰিয়াক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিলে প্ৰাক্তন বিধায়কজনে৷ বিগত বিধানসভা নিৰ্বাচনৰ সময়ত এবাৰ শৃংখল চলিহাৰ লগত প্ৰায় ২ মিনিট ফোনত কথা পতাৰ বাবে চিআইডিয়ে সোধা–পোছাৰ বাবে মাতিছে বুলি অভিযোগ কৰে বৰগোহাঁয়ে, যি ঘটনা ফোনত কথা পতাৰ ৮–৯ মাহৰ পিছত সংঘটিত হৈছিল৷
আনহাতে, প্ৰাক্তন বিধায়কগৰাকীয়ে সমগ্ৰ হিংসাত্মক ঘটনাৰ ক্ষেত্ৰত ৰাজনৈতিক ষড়যন্ত্ৰ কৰাৰ বাবেই জেৰাৰ বাবে মতাৰ অভিযোগ আনে৷ লগতে দিহিং পাইকাই অভৰাণ্যত হোৱা কয়লা খনন কাৰ্যক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁইৰ৷
প্ৰাক্তন বিধায়কজনে CAA আন্দোলনৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ ক্ষেত্ৰত আন্দোলনৰ নেতৃত্ব লোৱা লোকসকলক দোষ দিয়ে৷ যদি NIA হওক বা আন কোনোবা তদন্তকাৰী সংস্থায়ে সোধা–পোছাৰ বাবে মাতে তাত সহযোগিতা কৰিব বুলিও মন্তব্য কৰে প্ৰাক্তন বিধায়কজনে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|