CID–এ এয়াহে বিচাৰি গৈছিল শৃংখল চলিহাৰ ঘৰলৈ!

News18 Assam | News18-Assam
Updated:December 26, 2019, 1:31 PM IST
CID–এ এয়াহে বিচাৰি গৈছিল শৃংখল চলিহাৰ ঘৰলৈ!
বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ঘৰত চি আই ডিৰ তালাচী অভিযান। শিৱসাগৰৰ ফুকন নগৰৰ ঘৰত তালাচী চলালে চি আই ডিৰ দলে।

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ঘৰত চি আই ডিৰ তালাচী অভিযান। শিৱসাগৰৰ ফুকন নগৰৰ ঘৰত তালাচী চলালে চি আই ডিৰ দলে।

  • Share this:
বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ঘৰত চি আই ডিৰ তালাচী অভিযান। শিৱসাগৰৰ ফুকন নগৰৰ ঘৰত তালাচী চলালে চি আই ডিৰ দলে। পুৱাই শৃংখল চলিহাৰ ঘৰত উপস্থিত হয় চি আই ডিৰ দল। শংখল চলিহাৰ পিতৃ–মাতৃকো CID এ তালাচীৰ নামত বিভিন্ন প্ৰশ্ন কৰে। আনকি শৃংখলৰ ঘৰত হেংদাঙো বিচাৰে CIDৰ দলে।

শৃংখলৰ পিতৃয়ে কোৱা মতে, ঘৰ খনৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ এনেদৰে তালাচীৰ চলাই CIDৰ দলে। আনকি পিতৃক প্ৰতিবাদ নকৰি তেওঁলোকৰ লগত সহযোগ কৰিবলৈ পৰামৰ্শ দিয়ে।

তালাচীৰ নামত শৃংখল চলিহাৰ মাকৰ পৰা জব্দ কৰে ম’বাইল ফোন। এনেদৰে পুৱাই তালাচীৰ নামত পিতৃ–মাতৃক হাৰাশাস্তি কৰা বুলিও অভিযোগ উত্থাপন কৰে।

আৰু চাওক
পৰৱৰ্তী বাতৰি