সৰোজ শৰ্মাৰ বাসভৱনত চিআইডিৰ অভিযান, জব্দ ৪ লাখ ২০ হাজাৰ টকা

News18 Assam | News18-Assam
Updated:October 11, 2020, 6:23 PM IST
সৰোজ শৰ্মাৰ বাসভৱনত চিআইডিৰ অভিযান, জব্দ ৪ লাখ ২০ হাজাৰ টকা
সুন্দৰপুৰৰ বাসভৱনৰ পৰা সৰোজ শৰ্মাই ব্যৱহাৰ কৰা AS-01-EG-0685 নম্বৰৰ এখন বিলাসী বাহন আৰক্ষীয়ে জব্দ কৰিছে।

সুন্দৰপুৰৰ বাসভৱনৰ পৰা সৰোজ শৰ্মাই ব্যৱহাৰ কৰা AS-01-EG-0685 নম্বৰৰ এখন বিলাসী বাহন আৰক্ষীয়ে জব্দ কৰিছে।

  • Share this:
এছ আই বাছনি পৰীক্ষা কেলেংকাৰীৰ অন্যতম অভিযুক্ত সৰোজ শৰ্মাৰ জু ৰোডৰ হৃদয়ানন্দ পথত থকা ৫নং বাসগৃহত চিআইডিৰ অভিযান। সৰোজ শৰ্মাক লগত লৈ সুন্দৰপুৰৰ বাসগৃহলৈ লৈ যোৱা হৈছিল। তাৰ পৰা পুনৰ জু ৰোডৰ তৃষ্ণা গ্লোবেল প্ৰাইভেট লিমিটেডৰ কাৰ্যালয়লৈ আনি চিআইডিয়ে চলাইছে তালাচী অভিযান।

অভিযান কালত চিআইডিৰ দলটোৱে তদন্তৰ খাতিৰত কাৰ্যালয়তোৰ চৌহদত কোনো লোককে প্ৰৱেশ কৰিব দিয়া নাছিল। সৰোজ শৰ্মাৰ তৃষ্ণা গ্লোবেল প্ৰাইভেট লিমিটেডৰ কাৰ্যালয়ৰ পৰা ৪ লাখ ২০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে হাৰ্ডডিস্ক,পেনড্ৰাইভ আদি উদ্ধাৰ কৰা হয়। ইপিনে সুন্দৰপুৰৰ বাসভৱনৰ পৰা সৰোজ শৰ্মাই ব্যৱহাৰ কৰা AS-01-EG-0685 নম্বৰৰ এখন বিলাসী বাহন আৰক্ষীয়ে জব্দ কৰিছে।
Published by: Sanjay Kumar Das
First published: October 11, 2020, 6:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading