১ জুনত CIDয়ে চোৰাং তেলৰ ব্যৱসায়ৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ খটখটিত চলাইছিল অভিযান ৷ ‘sony petrochemical’ ৰ পাৰ্কিঙত চিআইডিয়ে জব্দ কৰিছিল ১৮ খনকৈ তেল ভৰ্তি টেংকাৰ। য’ত আছিল পে’ট্ৰল, ডিজেল আৰু কেৰাচিন ৷ অসম নাগালেণ্ড সীমান্তৰ খটখটিত আছে চোৰাং তেলৰ কলা বেহা ৷ ডিমাপুৰৰ পৰা কুখ্যাত তেল চোৰে নিয়ন্ত্ৰণ কৰে অসম নাগালেণ্ড সীমান্তৰ চোৰাং তেলৰ বেহা ৷
কুখ্যাত দীননাথ শ্বাহক বিচাৰি চিআইডিৰ ধাৰাবাহিক অভিযান ৷ এতিয়াও সন্ধান নাই কুখ্যাত শ্বাহৰ ৷ডিমাপুৰৰ দিননাথ শ্বাহ, শ্বাহৰ ভতিজাক পিণ্টু শ্বাহ, মেনেজাৰ দামোদৰ যাদৱ আৰু শ্ৰীপ্ৰসাদ জোশৱাল। জোশৱালে চলাই আছে চোৰাং তেলৰ বেহা। কেৱল ইমানেই নহয়, ইয়াত জড়িত আছে অনা অসমীয়া ব্যৱসায়ীও। যি আৰক্ষী প্ৰশাসন সকলোকে মেনেজ কৰি চলাই আছে চোৰাং তেলৰ ৰমৰমীয়া ব্যৱসায়। চি আই ডিৰ এতিয়া টাৰ্গেটত দিননাথ শ্বাহ, পিণ্টু শ্বাহ, চি আই ডিয়ে জব্দ কৰা পাঁচখন অইল টেংকাৰৰ মালিক লাল মোহন চৌধুৰী, চাৰিখন অইল টেংকাৰৰ মালিক নবল ৰয় আৰু তিনিখন গাড়ীৰ মালিক উমেশ যাদৱ।
কিন্তু ইয়াৰ মাজতে চি আই ডিৰ অভিযানত গ্ৰেপ্তাৰ হোৱা চনী পেট্ৰ’ কেমিকেলৰ মেনেজাৰৰ বিস্ফোৰক ভাষ্য,‘যিমান অইল টেংকাৰ আহে, সকলোৱে দিননাথ শ্বাহৰ পাৰ্কিঙত ৰখোৱাৰ পিছতে চোৰ কৰে তেল। চি আই ডিয়ে আজি দিননাথ শ্বাহৰ গণেশগুৰিৰ চনী পেট্ৰ’কেম্পৰ কাৰ্যালয়ত চলাই অভিযান।
ইয়াৰ মাজতে চি আই ডিৰ জিম্মাত থকা দিননাথ শ্বাহৰ মেনেজাৰ সমীৰ গুপ্তাই News18ৰ আগত স্বীকাৰ কৰিছে যে, চনী পেট্ৰ’ কেম্পতে চোৰ হয় পেট্ৰল, ডিজেল আৰু কেৰাচিন।অইল টেংকাৰ পাকিঙত সোমোৱাৰ পিছতে ৩০ৰ পৰা ৫০ লিটাৰ তেল চোৰ কৰে এখন গাড়ীৰ পৰা। চি আই ডিৰ আজিৰ অভিযানত পোহৰলৈ আহিছে স্থানীয় আৰক্ষী প্ৰশাসনে সহায় কৰি আছে চোৰাং তেলৰ ক'লা বজাৰৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|