হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ চি আই ডিয়ে অভিযান চলাই লখিমপুৰত আটক কৰে দুই শিক্ষকক। বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিলৰ সন্দৰ্ভত আটক কৰা দুই শিক্ষক হৈছে লুইত খাবলু পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দত্ত আৰু শিক্ষক কুমুদ ৰাজখোৱা। আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে CIDয়ে।
প্ৰশ্নকাকত ফাদিলৰ মূল অভিযোগকাৰী শচীন্দ্ৰ দলেৰ অভিযোগৰ ভিত্তিত দুয়োকে আটক কৰা হয়। বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক আছিল শচীন্দ্ৰ দলে।
উল্লেখ্য, আটক কৰাৰ পিছতে লুইত খাবলু কাম্বং গাওঁত আৰক্ষীয়ে তালাচী চলায়। অৱসৰপ্ৰাপ্ত শিক্ষক অবুৰাম পেগুৰ ঘৰত আটকধীন প্ৰণৱ দত্তক লৈ আৰক্ষীয়ে অভিযান চলায়।
Published by: Gautam Barman
FIRST PUBLISHED : March 16, 2023, 20:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।