মৰিগাঁও জিলাৰ লাহৰিঘাটৰ পৰা চি আই ডিৰ দলে গ্ৰেপ্তাৰ কৰে ৰাজিবুল ইছলাম নামৰ এজন ব্যক্তিক।
মৰিগাঁও জিলাৰ লাহৰিঘাটৰ পৰা চি আই ডিৰ দলে গ্ৰেপ্তাৰ কৰে ৰাজিবুল ইছলাম নামৰ এজন ব্যক্তিক।
টেটৰ শিক্ষক নিযুক্তিৰ নামৰ এচামে যেন পেলাইছে প্ৰৱঞ্চনাৰ জাল। মৰিগাঁৱত গ্ৰেপ্তাৰ হৈছে টেটৰ শিক্ষক নিযুক্তিৰ এজন মাষ্টাৰমাইণ্ড। মৰিগাঁও জিলাৰ লাহৰিঘাটৰ পৰা চি আই ডিৰ দলে গ্ৰেপ্তাৰ কৰে ৰাজিবুল ইছলাম নামৰ এজন ব্যক্তিক।
বৰ্তমান চি আই ডিৰ কাৰ্যালয়ত ৰাখি জেৰা চলোৱা হৈছে ৰাজিবুলক। ৰাজিবুলৰ বিৰুদ্ধে চি আই ডিত 12/2021ত ৰুজু হৈছে এক গোচৰ। জানিব পৰা মতে, টেটত নিযুক্তিৰ নামত বহু যুৱক-যুৱতীৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল ধৃত ৰাজিবুলে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বহুকেইগৰাকী ভুৱা টেট শিক্ষকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো বাৰে বাৰে টেট শিক্ষক নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰিবলৈ ক্ষীপ্ৰ পদক্ষেপ ল'বলৈ বিভাগীয় বিষয়াক নিৰ্দেশ প্ৰদান কৰি আহিছিল। ইমানৰ পিছতো একাংশই বক্ৰ পথেৰে চাকৰি দিয়াৰ নামত এনেদৰে প্ৰৱঞ্চনাৰ জাল পেলাই আহিছে। যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে মেধাৱী শিক্ষাৰ্থী তথা অভিভাৱকসকল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|