চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত সৰুপথাৰত প্ৰতিবাদ। ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই নিজ কাৰ্যালয়ৰ পৰা সমদল কৰি আহি ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। দীৰ্ঘদিন ধৰি চৰকাৰে চুতীয়াসকলৰ লগতে ৬য় জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেৱল প্ৰতাৰণা কৰাৰ অভিযোগ চুতীয়া ছাত্ৰ সন্থাৰ। কেৱল নিৰ্বাচনৰ সময়তহে ভোটৰ লোভত চুতীয়া সকলৰ লগতে ছয় জাতিক জনজাতিকৰণৰ ললীপপ দিয়াৰ অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে।
বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া ছাত্ৰ সন্থাই। ভাৰতীয় সংবিধানৰ ৩৪২নং দফা (Article 342)ৰ মতে জনজাতিকৰণৰ বাবে প্ৰযোজ্য আদিম চাৰিত্রিক বৈশিষ্ট্য, ভৌগোলিক বিচ্ছিন্নতা, স্বকীয়তা বিশিষ্ট সংস্কৃতি, সমাজৰ বৃহদাংশৰ সৈতে যোগাযোগত সংকোচ, অৰ্থনৈতিক অনগ্রসৰতা আদি কৰি আটাইকেইটা বৈশিষ্ট্য থকাৰ পিছতো চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰাটো অতি পৰিতাপৰ বিষয় তথা ভূমিপুত্র জনগোষ্ঠীটোক কৰা চৰম প্ৰতাৰণা বুলি মন্তব্য কৰে সংগঠনটোৱে।
প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনগোষ্ঠীটোক শীঘ্রেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত ধনশিৰি মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্রীলৈ এক স্মাৰকপত্ৰ পদান কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 27, 2020, 14:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।