உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘আগন্তুক নিৰ্বাচনত আমাক ১৭টা সমষ্টি লাগিবই’- হুংকাৰ দিলে চুতীয়া জাতি সন্মিলনে

    ‘আগন্তুক নিৰ্বাচনত আমাক ১৭টা সমষ্টি লাগিবই’- হুংকাৰ দিলে চুতীয়া জাতি সন্মিলনে

    চুতীয়া জাতি সন্মিলনৰ ৰাজনৈতিক হুংকাৰ। ১৭ টা সমষ্টিত দিব লাগিব চুতীয়া প্ৰাৰ্থী।

    চুতীয়া জাতি সন্মিলনৰ ৰাজনৈতিক হুংকাৰ। ১৭ টা সমষ্টিত দিব লাগিব চুতীয়া প্ৰাৰ্থী।

    চুতীয়া জাতি সন্মিলনৰ ৰাজনৈতিক হুংকাৰ। ১৭ টা সমষ্টিত দিব লাগিব চুতীয়া প্ৰাৰ্থী।

    • Share this:
    অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়াসকলে ২০২১ৰ বিধান সভা নিৰ্বাচনলৈ এইবাৰ টঙালি বান্ধিছে। প্ৰতিটো ৰাষ্ট্ৰীয় অথবা আঞ্চলিক ৰাজনৈতিক দলে অহা নিৰ্বাচনত ৰাজ্যৰ ১৭টা চুতীয়া অধ্যুষিত সমষ্টিত চুতীয়া সম্প্ৰদায়ৰ লোকক দলীয় প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰোৱাৰ হুংকাৰ দিছে।

    দেওবাৰে টীয়কৰ কাকজান কৃষ্টি কেন্দ্ৰত আয়োজিত সদৌ অসম চুতীয়া জাতি সন্মিলনৰ এক ৰাজনৈতিক জাগৰণ অভিৱৰ্তনত এই হুংকাৰ দিছে সন্মিলনৰ কৰ্মকৰ্তাই। উল্লেখ্য যে, ইতিহাসৰ পাতত জিলিকি থকা চুতীয়া সকল স্বাধীনতাৰ সময়ৰ পৰাই আজিও ৰাজনৈতিক ভাৱে উপেক্ষিত হৈ অহা বুলি মন্তব্য কৰিছে।

    ৰাজ্যৰ আন আন জাতি জনগোষ্ঠীসমূহৰ বাবে ৰাজনৈতিক দলসমূহে সংৰক্ষণৰ ব্যৱস্থা কৰে যদিও প্ৰায় ১৪ লাখ লোক চুতীয়া জাতিৰ লোকক আজিকোপতি কোনো এটা ৰাজনৈতিক দলে গুৰুত্ব প্ৰদান নকৰা বুলিও উক্ত অভিৱৰ্তনত অভিযোগ তোলে।

    সন্মিলনৰ ৰাজনৈতিক আহ্বায়ক নৃপেন শইকীয়াই কয় যে, ‘ৰাজ্যৰ ১৭ সমষ্টিত চুতীয়া লোকৰ বিশেষ ভাৱে আধিপত্য আছে। প্ৰতিটো নিৰ্বাচনতেই উক্ত সমষ্টি সমূহত চুতীয়াসকলে এক নিৰ্ণায়ক ভুমিকা গ্ৰহণ কৰে যদিও পৰবৰ্তী সময়ত উন্নয়নমুখী দিশত উপেক্ষিত হ’ব লগীয়া হয়। গতিকে আগন্তুক নিৰ্বাচনত ১৭টা সমষ্টিত চুতীয়া সম্প্ৰদায়ৰ লোকক দলীয় প্ৰাৰ্থীত্ব দিব লাগিব ৰাজনৈতিক দলসমূহে। নহ’লে প্ৰতিটো সমষ্টিতে চুতীয়া সকলৰ দ্বাৰা নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰোৱা হ’ব।’

    সন্মিলনৰ ৰাজ্যিক সভাপতি অমিঅ' বৰা, অনুপ চেতিয়া, শিল্পী কৃষ্ণমণি চুতীয়াকে মুখ্য কৰি সন্মিলনৰ সকলো বিষয়ববীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক কৰ্মকৰ্তাই এই অভিৱৰ্তনত অংশগ্ৰহণ কৰে।
    Published by:Himangshu Bhuyan
    First published: