আজি পৱিত্ৰ বৰদিন, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

News18 Assam | News18-Assam
Updated:December 25, 2019, 7:53 AM IST
আজি পৱিত্ৰ বৰদিন, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উছাহ
গুৱাহাটীৰ গিৰ্জাসমূহত দেখা গৈছে আটক–ধুনীয়া পৰিৱেশ।

গুৱাহাটীৰ গিৰ্জাসমূহত দেখা গৈছে আটক–ধুনীয়া পৰিৱেশ।

  • Share this:
আজি পৱিত্ৰ বৰদিন। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত বৰদিনৰ ব্যাপক উছাহ। সজাই–পৰাই তোলা হৈছে গিৰ্জাসমূহ। কেৰলৰ ধ্বনিৰে মুখৰ চৌদিশ। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো দেখা গৈছে বৰদিনৰ উৎসাহ–উদ্দীপনা। গুৱাহাটীৰ গিৰ্জাসমূহত দেখা গৈছে আটক–ধুনীয়া পৰিৱেশ। ৰং–বিৰঙী লাইটেৰে সজাই–পৰাই তোলা হৈছে গিৰ্জাসমূহ। খ্ৰীষ্টমাছ ট্ৰী, ছাণ্টাক্ল’জ, ভিন্নৰঙী লাইটেৰে উজলি উঠিছে প্ৰতিঘৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ ঘৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি