অসমত গোপনে চলিছে খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন ৷ পোহৰলৈ আহিছে ধৰ্মান্তৰকৰণৰ ভয়ংকৰ তথ্য ৷ হিন্দু ধৰ্মৰ লগতে থলুৱা ভাষা-কৃষ্টি-সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই আনিছে এটা দুষ্টচক্ৰই৷ বিশেষকৈ কৃষিজীৱী তিৱা আৰু কাৰ্বি জনজাতীয় লোকসকলক প্ৰলোভনৰ জালত বন্দী কৰি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাত উঠিপৰি লাগিছে এই দুষ্টচক্ৰটো ৷
শেহতীয়াকৈ এইক্ষেত্ৰত কঠোৰ হৈছে সদৌ হিন্দু ধৰ্ম সুৰক্ষা সমিতি ৷ পূৰ্বে প্ৰলোভনৰ জালত পৰি ধৰ্মান্তৰিত হোৱা ব্যক্তিসকলক পুনৰ নিজ ধৰ্মলৈ ওভতাই অনাৰ প্ৰয়াস চলাইছে সংগঠনটোৱে ৷ সংগঠনটোৰ উদ্যোগত আৰু জাগীৰোডৰ কেইবাগৰাকী সমাজ সচেতন ব্যক্তিৰ সহযোগত পশ্চিম কাৰ্বি আংলঙৰ ২০টা পৰিয়ালৰ প্ৰায় ২০০গৰাকী সদস্যক উদ্ধাৰ কৰা হয় নিজ ধৰ্মলৈ ৷
পশ্চিম কাৰ্বি আংলঙৰ আমৰি সমষ্টিৰ লেমৰা গাঁৱত আয়োজন কৰা তিৱা, কাৰ্বি ধৰ্ম-সংস্কৃতি সভা আৰু উদ্ধাৰ পৰ্ব অনুষ্ঠানত পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে পুনৰ উদ্ধাৰ কৰা হয় ধৰ্মান্তৰিত এই লোকসকলক। নিজৰ ভাষা-কৃষ্টি-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি পুনৰ নিজ ধৰ্মলৈ উভতি আহে এইসকল কাৰ্বি আৰু তিৱা লোক ৷ আগন্তুক দিনত এই উদ্ধাৰ পৰ্ব সমগ্ৰ অসমব্যাপী অধিক শক্তিশালী কৰা হ’ব বুলি মন্তব্য কৰে সংগঠনটোৰ কৰ্মকৰ্তাই।
Published by: Gautam Barman
FIRST PUBLISHED : March 15, 2023, 20:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।