উত্তৰ-পূৱৰ সৰ্ববৃহত্‍ ইছলামধৰ্মীৰ কবৰস্থানত কবৰ দিয়া হ’ল দুগৰাকী খ্ৰীষ্টানধৰ্মী কোৰোণা আক্ৰান্তক

News18 Assam | News18-Assam
Updated:August 22, 2020, 10:47 AM IST
উত্তৰ-পূৱৰ সৰ্ববৃহত্‍ ইছলামধৰ্মীৰ কবৰস্থানত কবৰ দিয়া হ’ল দুগৰাকী খ্ৰীষ্টানধৰ্মী কোৰোণা আক্ৰান্তক
‘গুৱাহাটীৰ আঠগাওঁ কবৰস্থান সমিতিৰ বিষয়ববীয়াসকলে সাদৰেৰে আমাক সম্ভাষণ জনাইছিল।’

‘গুৱাহাটীৰ আঠগাওঁ কবৰস্থান সমিতিৰ বিষয়ববীয়াসকলে সাদৰেৰে আমাক সম্ভাষণ জনাইছিল।’

  • Share this:
কোভিড19ত আক্ৰান্ত হৈ যোৱা ৩০ জুলাইত গুৱাহাটীৰ চিটি হাস্পতালত মৃত্যুক আঁকোৱালি লোৱাৰ পিছত এলপচী জমিৰৰ পৰিয়ালৰ সদস্যসকল মৃতদেহ কবৰস্থ কৰিবলৈ চিন্তাত পৰিছিল। পানবজাৰৰ পৰা পৰিচালিত হোৱা আও বেপ্টিষ্ট চাৰ্ছৰ গুৱাহাটী নগৰত নাছিল কবৰস্থান। গুৱাহাটীত খ্ৰীষ্টান লোকসকলৰ চাৰিখন কবৰস্থান আছে। ইয়াৰে গুৱাহাটী বেপ্টিষ্ট চাৰ্ছ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সবাতোকৈ পুৰণি। বাকীকেইখন হৈছে কেথলিক চাৰ্ছ ডনবস্কো , খ্ৰাইষ্ট চাৰ্ছ আৰু খ্ৰীষ্টান বস্তি চাৰ্ছ। কিন্তু কোনো এখন কবৰস্থানতে ঠাই নাপাই জমীৰৰ পৰিয়াল কাষ চাপিল গুৱাহাটীৰ আঠগাঁৱৰ মুছলমানসকলৰ কবৰস্থান কৰ্তৃপক্ষৰ ওচৰলৈ। এই কবৰস্থানখন হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ কবৰস্থান।



"মৃতকৰ আত্মীয়সকল যোৱা ৩০ জুলাইত আমাৰ কাষলৈ আহিছিল আৰু জানিব বিচাৰিছিল যে মুছলমান লোকসকলৰ আঠগাওঁ কবৰস্থানত জমীৰক কবৰ দিবলৈ অনুমতি দিয়া হবনে নাই। এই ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাছিল। কিন্তু আমি জিলা প্ৰশাসনৰ পৰা আৰু তেওঁলোকৰ গীৰ্জাৰ পেষ্টৰৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেট আনিবলৈ কৈছিলো। আমি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কোভিড19 ত মৃত্যু হোৱা লোকসকলক আঠগাওঁ কবৰস্থানত কবৰ দিয়াৰ ব্যৱস্থা কৰিছো। গতিকে এই বিষয়টোক লৈ আমাৰ বিশেষ ভাবিব লগা নাছিল। কিন্তু সকলোবোৰ আনুষ্ঠানিক ভাবে হব লাগে। ", আঠগাওঁ কবৰস্থান কমিটীৰ সম্পাদক ম: মুৰ্টাঝাই এনেদৰে কয়।



" শোকস্তব্ধ পৰিয়ালবৰ্গই আমালৈ কবৰ দিয়াৰ ৰীতি-নীতিসমূহ ইছলামিক প্ৰক্ৰিয়াৰে সম্পন্ন হলে তেওঁলোক সুখী হব বুলি এখন ইচ্ছাপত্ৰ দিছিল। জমীৰক যেতিয়া কবৰ দিয়া হৈছিল তেতিয়া তাত তেওঁৰ পত্নী আৰু পুত্ৰ উপস্থিত আছিল আৰু সকলোখিনি কোভিড প্ৰটকল মানি চলা হৈছিল। ", মুৰ্টাঝাই আৰু কয় ।

গুৱাহাটীৰ উলুবাৰী অঞ্চলত ব্যৱসায় প্ৰতিষ্ঠান থকা জমীৰ পৰিয়ালটো ২০১১ চনৰ পৰাই আও বেপ্টিষ্ট চাৰ্ছৰ সদস্য। অৱশ্যে ব্যক্তিগত কাৰণত পৰিয়ালটোৱে মন্তব্য দিয়াৰ পৰা বিৰত থাকিলেও জানিবলৈ দিয়ে যে তেওলোকে ন' অবজেকশ্যন চাৰ্টিফিকেট লাভ কৰিলে। 

" এয়া আঠগাওঁ কবৰস্থান কমিটীৰ এটা ভাল পদক্ষেপ। এই সংকটৰ সময়ছোৱাত সমাজলৈ  এক বাৰ্তা প্ৰেৰণ কৰিছে এই কামে। জনসাধাৰণ এনে কামৰ বাবে আগবাঢ়ি আহিব লাগে আৰু সমাজে একেলগে কাম কৰিব লাগে। ", গুৱাহাটী বেপ্টিষ্ট চাৰ্ছৰ পেষ্টৰ আজিজুৰ ৰহমানে এনেদৰে কয়। ১৮৪৫ চনত স্থাপন কৰা গীৰ্জাটো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ পুৰণি বেপ্টিষ্ট চাৰ্ছ।



কিন্তু কিয় এলপচী জমিৰক কবৰ দিয়াৰ বাবে গীৰ্জাৰ কবৰস্থানত ঠাই পোৱা নগল? এই প্ৰশ্নৰ উত্তৰত পেষ্টৰগৰাকীয়ে কয় , "নৱগ্ৰহত থকা আমাৰ কবৰস্থানখন প্ৰায় সম্পূৰ্ণ হৈ পৰিছে। তথাপিও একাংশ লোকে গুৱাহাটীৰ উপকন্ঠত ক্ৰয় কৰা কিছু মাটিতে সম্প্ৰদায়ৰ লোকসকলক সমূহীয়াকৈ কবৰ দিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছে। "

গুৱাহাটীত কোৰোণা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে গুৱাহাটী কবৰস্থান সমিতিয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল। সেই অনুসৰি মৃতকৰ স্থানীয় কবৰস্থানতে কবৰ দিয়াৰ ব্যৱস্থা কৰা হৈছিল। এই সিদ্ধান্ত লোৱা হৈছিল গুৱাহাটী নগৰৰ ছখন মুখ্য কবৰস্থান কমিটীৰ জৰিয়তে।

৭০ বিঘা মাটিৰ গুৱাহাটী নগৰৰ মাজমজিয়াত থকা আঠগাওঁ কবৰস্থানখন উত্তৰ পূৰ্বাঞ্চল তথা দেশৰ ভিতৰতে এখন প্ৰাকৃতিক পৰিৱেশেৰে মনোমহা মুছলমান লোকসকলৰ কবৰস্থান। কোভিড19 ৰ সন্ত্ৰাস আৰম্ভ হোৱাৰ পিছৰে পৰা সংক্ৰমণৰ বলি হৈ মৃত্যু হোৱা ৪৩ গৰাকী লোকক এই ৪০০ বছৰ পুৰণি কবৰস্থানখনত সমাধিস্থ কৰা হৈছে।

" সম্ভৱত চাৰ্ছৰ কৰ্তৃপক্ষই জমীৰক তেওঁলোকৰ কবৰস্থানত কবৰ দিয়াটো বিচৰা নাছিল। সেয়েহে তেওঁৰ পৰিয়ালে অন্য কবৰস্থানৰ সন্ধানত কামৰূপ মেট্ৰ'ৰ উপায়ুক্তৰ কাষ চাপে। ", মুৰ্টাঝাই কয় ।

" কবৰস্থান কমিটীৰ সহযোগিতা অতিকৈ উৎসাহজনক আছিল আৰু ইয়াৰ অন্তৰালৰ মানুহজন হ’ল মুৰ্টাঝা। আমি এই সংকটৰ সময়ছোৱাত সমাজত এনে ধৰণৰ কামৰ উদাহৰণ আৰু বিচাৰো। ", কামৰূপ মেট্ৰ জমিয়তৰ সম্পাদক জুনেইদ খালিদে এনেদৰে কয়।
Published by: Himangshu Bhuyan
First published: August 22, 2020, 10:46 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি