• Home
  • »
  • News
  • »
  • assam
  • »
  • বিশ্বনাথৰ বজাৰত গণপ্ৰহাৰৰ বলি হোৱা চৌকত আলীয়ে পাব ১ লাখ টকাৰ চৰকাৰী ক্ষতিপূৰণ

বিশ্বনাথৰ বজাৰত গণপ্ৰহাৰৰ বলি হোৱা চৌকত আলীয়ে পাব ১ লাখ টকাৰ চৰকাৰী ক্ষতিপূৰণ

ডিজিপি আৰু মুখ্য সচিবে জাননীৰ প্ৰত্যুত্তৰ নিদিয়াৰ কাৰণে নির্দেশ পত্ৰত অসন্তুষ্টিও প্ৰকাশ কৰিছে আয়োগে।

ডিজিপি আৰু মুখ্য সচিবে জাননীৰ প্ৰত্যুত্তৰ নিদিয়াৰ কাৰণে নির্দেশ পত্ৰত অসন্তুষ্টিও প্ৰকাশ কৰিছে আয়োগে।

ডিজিপি আৰু মুখ্য সচিবে জাননীৰ প্ৰত্যুত্তৰ নিদিয়াৰ কাৰণে নির্দেশ পত্ৰত অসন্তুষ্টিও প্ৰকাশ কৰিছে আয়োগে।

  • Share this:
বিশ্বানাথ চাৰিআলিৰ বজাৰত মাংস বিক্ৰী কৰাৰ অভিযোগত গণ প্ৰহাৰৰ বলি হোৱা চৌকত আলীক এতিয়া এক লক্ষ টকাৰ ক্ষতিপূৰণ দিব লাগিব অসম চৰকাৰে। PTIত প্ৰকাশ পোৱা বাতৰি অনুসৰি, অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক ৬ সপ্তাহৰ ভিতৰত এই ক্ষতিপূৰণ আদায় দি প্ৰমাণ জমা দিবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে।

উল্লেখযোগ্য যে ২০১৯ চনৰ ৭ এপ্ৰিলত ৪৮ বছৰীয়া চৌকত আলীক বিশ্বনাথ চাৰিআলিৰ মধুপুৰৰ সাপ্তাহিক বজাৰত একাংশ লোকে আৰক্ষীৰ সন্মুখতে প্ৰহাৰ কৰিছিল। পিছত এই ঘটনাৰ মোবাইল ফোনত সংগ্ৰহ কৰা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল।

PTIৰ বাতৰিত উল্লেখ কৰা মতে, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত গোচৰ তৰিছিল। এই গোচৰৰ ভিত্তিত আয়োগে অসমৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। কিন্তু দুয়োগৰাকীৰ পৰা কোনো সদুত্তৰ নোপোৱাত আয়োগে এই নিৰ্দেশ জাৰি কৰিছে।

ডিজিপি আৰু মুখ্য সচিবে জাননীৰ প্ৰত্যুত্তৰ নিদিয়াৰ কাৰণে নির্দেশ পত্ৰত অসন্তুষ্টিও প্ৰকাশ কৰিছে আয়োগে। যোৱা ৯ ছেপ্টেম্বৰত আয়োগে গোচৰটোৰ বিভিন্ন দিশ চালি জাৰি চাই দোষীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ল এই বিষয়ে কৈফিয়ত বিচাৰি ডিজিপিৰ পৰা চাৰি সপ্তাহৰ ভিতৰত উত্তৰো বিচাৰিছে।
Published by:Sanjay Kumar Das
First published: